পৃষ্ঠা:কনফুচিয়াছ.djvu/৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
কনফুচিয়াছ

অলপ আচৰিত হোৱাৰ দৰে হৈ নাতিয়েকৰ ওচৰলৈ আহি মৰমেৰে পিঠিত হাত বুলাই সুধিলে— “বাছা, মোৰ অন্তৰৰ কথা তই কেনেকৈ জানিলি?”

 কেইহে উত্তৰ দিলে— “কেলৈ, আপুনি দেখোন প্ৰায়েই কোৱা শুনো যে যেতিয়া বাপেকে হাবি জঙ্গল কাটি কাঠ উলিয়াই ফালি ছিৰি ধৰি ঠিকঠাক কৰি থয় তেতিয়া যদি পুতেকে সেই বোজাটোও কঢ়িয়াই নিব নোৱাৰে তেন্তে নিশ্চয় সেই পুতেক অপদাৰ্থ। আপুনি কোৱা এই কথাফাঁকি সদায় মোৰ মনত বাজি থাকে আৰু মোৰ অন্তৰত এটা ভয় হৈছে জানোচা আপোনাৰ অসম্পন্ন কামখিনিৰ ভাৰ বহন কৰিবলৈ অক্ষম হৈ আপোনাৰ অপদাৰ্থ সন্ততি বুলি প্ৰমাণিত কৰো।”

 নাতিয়েকৰ কথাখিনি শুনি কনফুচিয়াছে বৰ আনন্দ পালে আৰু এটা তৃপ্তিৰ হাঁহি মাৰি কলে “বাছা, মোৰ অন্তৰত এতিয়া কোনো বেজাৰ বা আশঙ্কা নাই। মোৰ শিকোৱা কথাবোৰ বাকৰণিত নপৰে। মোৰ শিক্ষা বাচি থাকিব আৰু সময়ত ঠন ধৰি উঠিব।”

 নাতিয়েক কেইহৰ পিঠিত থপৰিয়াই মৰম কনফুচিয়াছ আকৌ তেওঁৰ লিখা ঠাইত বহিল গৈ। অলপ সময় ভাবি থাকি কেইহকে তেওঁৰ ওচৰত বহিবলৈ মাতিলে। কেইহ তেওঁৰ ওচৰত বহিল। কনফুচিয়াছে লাহে লাহে নাতিয়েকক কব ধৰিলে— “বাছা, প্ৰত্যেক নগৰতে মোৰ নিচিনা বুদ্ধিবৃত্তি থকা ঢেৰ মানুহ আছে। কিন্তু মোক কোনো এটা বিষয়ে