পৃষ্ঠা:কনফুচিয়াছ.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চীনৰ সাংস্কৃতিক আৰু ঐতিহাসিক পটভূমি

(১)

ভৌগোলিক পৰিবেশ

বিশ্বৰ দৃষ্টি আজি ক্ৰমশঃ বেছি পৰিমানে চীনৰ প্ৰতি আকৃষ্ট হৈছে। পৃথিবীৰ জনসংখ্যাৰ এক-পঞ্চমাংশ লোকে চীনত বাস কৰে। চীনদেশ আজি এটা বিৰাট পৰিবৰ্ত্তনৰ দুৱাৰদলিত। চীনৰ জাগৰণ আৰু শক্তিয়ে গোটেই বিশ্বৰ পৰিস্থিতিতে প্ৰভাৱ বিস্তাৰ কৰিব লাগিছে। পৃথিবীৰ জাতিসমূহৰ ভিতৰত চীনে আৰু ভাৰতে সুদূৰ অতীতৰ পৰা নিৰবচ্ছিন্ন ভাবে ঐতিহ্য ৰক্ষা কৰি আহিছে। চীনৰ সংস্কৃতি অকল চীনৰ ৫০ কৌটি মানুহৰ বাসভূমিতে আৱদ্ধ হৈ থকা নাই। ই জাপান, মঙ্গোলিয়া, মাঞ্চুৰিয়া, তিব্বত আদিলৈকো বিস্তীৰ্ণ হৈছে।

 ভৌগোলিক অৱস্থিতি আৰু প্ৰাকৃতিক সম্পদ-ৰাজিয়ে চীনক এটা মহাজাতি গঠনত আৰু এটা মহান সভ্যতাৰ বিস্তাৰত সহায় কৰিছে। চীনৰ ভূভাগৰ শতকৰা দহ অংশহে প্ৰকৃত সমতল আৰু এই সমতল ভূভাগ নদীবিলাকৰ উপত্যকাত অৱস্থিত। এইখিনি মাটি অতি সাৰুৱা। চীনদেশ অসংখ্য নদীনলাৰে ধৌত আৰু এই নদীবিলাকে পানী যোগানৰ