পৃষ্ঠা:কনফুচিয়াছ.djvu/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
কনফুচিয়াছ

লাগে— এনে ধৰণৰ প্ৰশ্নৰ সম্যক উত্তৰ কনফুচিয়াছৰ সদায় জিভাৰ আগতে আছিল। এনে ধৰণৰ সমস্যাৰ আলোচনাত তেওঁৰ সমিধান স্পষ্ট আৰু দৃঢ় আছিল আৰু তাৰ বাবে তেওঁৰ বিশেষ চিন্তা কৰিবৰ প্ৰয়োজন নাছিল। কনফুচিয়াছৰ গোটেই জীৱনটোৱেই এই ধৰণৰ প্ৰশ্নসমূহৰ মূৰ্ত্ত আৰু জ্বলন্ত উত্তৰ আছিল। কিন্তু আনুস্থানিক ধৰ্ম্ম, ক্ৰিয়াকাণ্ড, ঈশ্বৰ, স্বৰ্গ, নৰক, পূৰ্ব্বজন্ম, পৰজন্ম, জন্মান্তৰ ইত্যাদি ধৰণৰ বিষয়বোৰৰ আলোচনাত তেওঁৰ বৰ উৎসাহ নাছিল আৰু এনে বিষয়ৰ প্ৰশ্নৰ তেওঁ পোনপটীয়া উত্তৰ নিদিছিল।

 এদিন এজন শিষ্যই কনফুচিয়াছক মৃত্যুৰ পিচত আকৌ জীৱৰ জন্ম হয় নেকি সুধিছিল। তাৰ উত্তৰত কনফুচিয়াছে কৈছিল— “এই জীৱনৰ কথাই আমি জানিব পৰা নাই, মৃত্যুৰ পিচৰ কথা কেনেকৈ জানিবা?” ইয়াৰ বেছি তেওঁ একো নকৈছিল।

 এজন শিষ্যই এদিন কনফুচিয়াছক সুধিছিল— “প্ৰভু আপুনি কবিতাৰ আলোচনা প্ৰসঙ্গত সদায় প্ৰেমৰ কথা কয়। প্ৰেম কি বস্তু?” কনফুচিয়াছে কৈছিল— “সমগ্ৰ মনুষ্যজাতিক ভালপোৱাই প্ৰেম।” শিষ্যজনে অলপ বহলাই ভালকৈ বুজাই দিবলৈ কোৱাত কনফুচিয়াছে কৈছিল, “কাম্যবস্তু পোৱাতকৈ কাম্যবস্তু পাবৰ কাৰণে কৰা প্ৰচেষ্টাক বেছি প্ৰেয় বুলি ধৰি লোৱাই প্ৰেম। কোনো এটা বস্তু পাবলৈ কৰা কামত আনন্দ আছে কিন্তু যি আনন্দ শেষত পাব লগা বস্তুৰ কাৰণে বা লক্ষ্যত