আপোনপেটা স্বভাৱৰ বাৰে বিৰক্ত হৈ দেশ এৰি হাবি জঙ্গলে কোনোমতে পেট প্ৰৱৰ্ত্তাই জীৱন নিয়াইছিল। চেঙচু এনে ধৰণৰ এজন সন্ন্যাসী আছিল।
ছুলু ওচৰ চাপি অহাত চেঙচুৱে সুধিলে— আপুনি কোন?
ছুৱে উত্তৰ দিলে— মোৰ নাম ছুলু।
— আপুনি কনফুচিয়াছৰ শিষ্য নেকি?
— এৰা। ছুলুৱে লাহেকৈ উত্তৰ দিলে।
— ইখন দেশৰ পৰা সিখন দেশলৈ বাটকুৰি বাই কেৱল ঘূৰিফুৰা গুৰু এজনৰ শিষ্য হোৱাতকৈ আপুনি দেখোন সন্ন্যাসী হোৱাহে ভাল আছিল।
ইয়াকে কৈ সন্ন্যাসীজনে ছুলুৰ ফালে পিঠি দি নিজৰ কামত লাগিল। কোন পিনে নৈখন পাৰ হব পৰা ব্যবস্থা আছে সেই সম্পৰ্কে ছুলুৱে কেইবা বাৰো প্ৰশ্ন কৰাতো কোনো জবাবকেই নিদিলে। হতাশ হৈ ছুলু উভতি আহি কনফুচিয়াছক সকলো নিবেদন কৰিলে।
কনফুচিয়াছে শিষ্যসকলক কলে— “চেঙচুৱে ভুল কৰিছে। বেয়া দেখি পলাই আহিলেই বেয়া গুছি ভাল নহয়। যদি সকলো মানুহ সৎ আৰু সুখী হলহেতেন তেন্তে মানুহক সজ হবলৈ উপদেশ দি ফুৰিবলৈ মোৰ প্ৰয়োজন নাথাকিলহেতেন। কষ্টত পৰিলে বা কষ্টজনক পৰিস্থিতিৰ উদ্ভৱ হলে মানুহে তাৰ পৰা পলাই নহাটোৱেই কৰ্ত্তব্য। ভাল বুলি বিবেচনা কৰিও যদি কাৰ্য্যত সেইমতে কৰা নহয় তেন্তে তেনে