প্ৰথম কৰ্ত্তব্য হ’ল আপোনালোক নিজে নিজে সজ আৰু চৰিত্ৰবান হব লাগিব। সৰ্ব্বসাধাৰণক লাগে এনে যোগ্য শাসক যি দূৰদৰ্শিতাৰে দেশৰ কল্যাণ কামনা কৰিব পাৰে আৰু এনে যোগ্য শাসকক প্ৰজাই ঘৰৰ বৰমূৰীয়া ব্যক্তিৰ দৰে জ্ঞান কৰি অনুসৰণ কৰিব ইচ্ছা কৰে। যদি শাসক শ্ৰেণী দুৰ্নীতি-পৰায়ণ হয় তেন্তে প্ৰজা আৰু বেচি দুৰ্নীতি-পৰায়ণ হব। যদি শাসক ন্যায়পৰায়ণ আৰু কৰ্ত্তব্যৰত হয় তেন্তে প্ৰজাই বেয়া হবলৈ ভয় কৰিব আৰু ভাল হবলৈ চেষ্টা কৰিব। মনত ৰাখিব এবাৰ যদি সৰ্ব্বসাধাৰণে দুৰ্নীতি-পৰায়ণ হৈও শান্তি নাপায় বৰং দুৰ্নীতিলব্ধ সম্পদেৰে নিজৰ জীৱনত প্ৰতিস্থা লাভ কৰে, তেন্তে সেই দেশৰ উন্নতি অসম্ভব আৰু দুৰ্নীতিৰ পুলিপোখা উভালি মানুহৰ মনত নৈতিকতাৰ অঙ্কুৰ ৰোপণ পৰা বৰ টান কাম। বাঘত উঠিলে মানুহৰ নমা টান। এতিয়া হয়তো আপোনালোকে আকৌ সুধিব— ভাল কেনেকৈ হব পাৰি? তাৰ বাবে কি কৰিব লাগে? তাৰ উত্তৰত আপোনালোকক জনাও যে ভাল হবলৈ হলে প্ৰথম পাঠ হ’ল— আনৰ পৰা আপুনি যি আচৰণ আশা নকৰে তেনে আচৰণ আনকো কেতিয়াও নকৰিব। যদি আপোনালোকে দেশৰ মঙ্গল কামনা কৰে, যদি দেশবাসীক অনুগত, কৰ্ত্তব্যপৰায়ণ, ন্যায়বান, দেশপ্ৰেমিক আৰু নিৰ্ভীক কৰিব আশা কৰে, তেন্তে তাৰ জ্বলন্ত পটন্তৰ হব লাগিব আপোনালোকেই, ক্ষমতাত অধিস্থিত শাসকবৰ্গই। আপোনাসকলৰ আচৰণে আদৰ্শ নেদেখুৱাই যদি আনৰ পৰা ভাল আচৰণ
পৃষ্ঠা:কনফুচিয়াছ.djvu/৬৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
কনফুচিয়াছ