পৃষ্ঠা:কনফুচিয়াছ.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
কনফুচিয়াছ

জ্ঞানীলোক সকলক অনুসৰণ কৰি সংসাৰত চলে তেতিয়া মানুহ সুখী হয়। মহাজন সকলৰ পথ অনুসৰণ কৰি সৰ্ব্বসাধাৰণে ঈপ্সিত বস্তু পায় আৰু সেই পথত চলিয়েই সুখ পায়। চুঙটু নগৰৰ মানুহবিলাকে এই সত্য মানি সুখী হবলৈ চেষ্টা কৰিছে।”

 ডিউক— “আপুনি সৰু নগৰ এখনত বিচাৰপতি হৈ এনেধৰণৰ শাসন প্ৰণালী চলাব পাৰিছে। সেই একে পদ্ধতিৰে আপুনি প্ৰদেশ এখন শাসন সংস্কাৰ কৰিব পাৰিবনে?”

 —“প্ৰদেশ কিয়? সমগ্ৰ সাম্ৰাজ্যতে নিশ্চয় পৰা হব।” কনফুচিয়াছে ডিউকৰ প্ৰশ্নৰ সগৌৰৱে আৰু সগৰ্ব্বে উত্তৰ দিলে।

 কনফুচিয়াছৰ উত্তৰ শুনি ডিউক বৰ সন্তুষ্ট হ’ল আৰু সমগ্ৰ লু প্ৰদেশৰ দণ্ডবিধান দপ্তৰৰ মন্ত্ৰী হবলৈ কনফুচিয়াছক অনুৰোধ জনালে। কনফুচিয়াছে তেওঁৰ কৰ্ম্মক্ষেত্ৰ আৰু বেচি প্ৰসাৰিত হব ভাবি এই পদ গ্ৰহণ কৰিলে।

 কনফুচিয়াছে আইন বিভাগৰ মন্ত্ৰীত্ব পদ গ্ৰহণ কৰিয়েই লু প্ৰদেশৰ আটাইবোৰ কাৰাগাৰ পৰীক্ষা কৰিব ধৰিলে আৰু এই কাৰাগাৰবিলাকত আটক হৈ থকা কয়দীবিলাকৰ শিক্ষা, অৱস্থা, আচাৰ, ৰীতি নীতি, সমাজৰ স্থান আদি সম্পৰ্কে তথ্য-পাতি যোগাৰ কৰিবলৈ অধ্যয়ন কৰিব ধৰিলে।

 ভালেমান দিন এইদৰে কাৰাগাৰ বিলাক নিৰীক্ষণ কৰি তথ্য-পাতি সংগ্ৰহ কৰি লৈ সমগ্ৰ প্ৰদেশৰে বিচাৰক, উকীল, কয়দীৰক্ষক সকলক আমন্ত্ৰণ কৰি এখন সভা পাতিলে। সেই