পৃষ্ঠা:কনফুচিয়াছ.djvu/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
কনফুচিয়াছ

কালছোৱাত কনফুচিয়াছে নানা বিষয়ে জ্ঞান আহৰণ কৰিবলৈ সুযোগ পাইছিল আৰু জীৱনৰ বাকী কালছোৱাত তাৰ প্ৰভাৱ ভালকৈ পৰিলক্ষিত হৈছিল।

 ইতিমধ্যে লু প্ৰদেশত গৃহ-কন্দল লাগি প্ৰায় বিপ্লবত পৰিণত হয় আৰু বিপ্লবৰ দুৰ্য্যোগৰ হাত সাৰিবলৈ ৰাজকুমাৰে কনফুচিয়াছক লগত লৈ ছি নামেৰে আন এখন ৰাজ্যলৈ গুচি যায়। কনফুচিয়াছে ঘৰ এৰি এইদৰে বিদেশত থাকি ভাল পোৱা নাছিল। যুদ্ধ শেষ হৈ দেশত শান্তি স্থাপন হোৱাৰ লগে লগে কনফুচিয়াছ পুনৰ নিজ ঠাইলৈ উভতি আহি শিক্ষকতা আৰু অধ্যয়ন কৰিবলৈ লাগিল।

 কনফুচিয়াছৰ এটি পুতেক আৰু দুজনী জীয়েক আছিল। পুতেকৰ নাম লে আছিল। লে কিন্তু সুযোগ্য পিতাকৰ অযোগ্য সন্তান আছিল। পঢ়াশুনাত লেৰ মুঠেই ধাউতি নাছিল আৰু প্ৰায়েই বাপেকক এৰাই আঁ‌তৰে আঁ‌তৰে ফুৰিছিল। এদিন কনফুচিয়াছে অকলে তেওঁৰ পঢ়াশালীত বহি পঢ়ি আছিল। এনে সময়ত লে কিবা বিচাৰি গৈ তাত উপস্থিত হ’ল। বাপেকক দেখি লে অপ্ৰস্তুত হৈ উভতি আহিব ধৰোতেই কনফুচিয়াছে সুধিলে, “তই কবিতা পঢ়িছনে?” লেই চুচুক-চামাককৈ নাই পঢ়া বুলি উত্তৰ দিলে। তেতিয়া কনফুচিয়াছে বৰ বেজাৰ মনেৰে গহীন ভাবে কবলৈ ধৰিলে যে কবিতা নপঢ়া মানুহ দেৱালৰ ফালে মুখ কৰি থিয় হৈ থকা মানুহৰ নিচিনা। দেৱালৰ নিচেই ওচৰত থিয় হৈ দেৱালৰ