পৃষ্ঠা:কনফুচিয়াছ.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
কনফুচিয়াছ

বিখ্যাত লোকসকলৰ সান্নিধ্যত আৰু সংস্পৰ্শত আহে আৰু তেওঁলোকৰ লগত কৰা আলাপ আলোচনাৰ পৰা তেওঁ বিশেষ উপকৃত হয়। সেই সময়তে তেওঁ বিখ্যাত দাৰ্শনিক লাউৎছেৰ সংস্পৰ্শত আহে। লাওৎছে কনফুচিয়াছতকৈ বয়সত ভালেখিনি ভাঙৰ আছিল। লাওৎছে তাওবাদ আৰু তাওধৰ্ম্মৰ প্ৰবৰ্ত্তক। কনফুচিয়াছৰ মতবাদ তাওবাদৰ বিৰোধী আছিল যদিও লাওৎছেৰ প্ৰাধান্য তেওঁতকৈ বেচি আছিল। চীনদেশত প্ৰচলিত তিনিটা ধৰ্ম্মৰ ভিতৰত তাও মতাবলম্বী সকলৰ সংখ্যাই অধিক আৰু এতিয়াও কেইবা কোটি মানুহ তাওবাদৰ সেৱক।

 কনফুচিয়াছে লাওৎছেৰ কথা শুনিছিল আৰু সেই সময়ত মানুহৰ মুখে মুখে মহান দাৰ্শনিক লাওৎছেৰ গুণ-গৰিমা কীৰ্ত্তন হৈছিল। লাউৎছে লো-ইয়াং নামে চহৰত বাস কৰিছিল আৰু তাত থকা সাম্ৰাজ্যিক পুথিভৰালৰ অধ্যক্ষ আছিল। লাওৎছেৰ শিক্ষা আৰু মতবাদ কনফুচিয়াছৰ বৰ আচহুৱা আৰু বিসঙ্গতিপূৰ্ণ যেন লাগিছিল। চীনদেশৰ সঙ্গীত সম্বন্ধে হাতেলিখা পুথিবিলাক অধ্যয়ন কৰিবলৈ কনফুচিয়াছ সেই সাম্ৰাজ্যিক পুথিভৰাললৈ যায় আৰু তাতে লাওৎছেৰ দৰ্শন পায়।

 এদিন কনফুচিয়াছে লাওৎছেক দেখা কৰিবৰ মনেৰে তেওঁৰ তালৈ যায় আৰু তেওঁ অহা খবৰটো লাওৎছেক জনাবলৈ লগুৱা এজন কৈ তেওঁ এখন কঠ মেলি লৈ সাঁচিপাতৰ