পৃষ্ঠা:কনফুচিয়াছ.djvu/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
কনফুচিয়াছ

প্ৰায় নিতৌ সন্ধিয়া নানা ঠাইৰ পৰা লৰা, ডেকা, বুঢ়া সকলোৱে নানা কথা আলোচনা কৰিবলৈ চিউকুঙৰ ঘৰলৈ আহিব ধৰিলে। ধৰ্ম্ম, অধৰ্ম্ম, কৰ্ত্তব্য, অকৰ্ত্তব্য, উচিত, গৰ্হিত আদি নানা বিষয়ৰ গভীৰ আলোচনা তেওঁৰ ঘৰত হবলৈ ধৰিলে আৰু চিউৱে এই সমস্যাবিলাকৰ যৌক্তিক সমাধান দি সকলোকে তুষ্ট কৰিব পাৰিছিল। এইদৰে ৰাজকৰ্ম্মচাৰী চিউকুঙ আজৰি সময়ত শিক্ষক হৈ পৰিল। জানিবলৈ একান্ত আগ্ৰহ থকা লোকসকলক শিক্ষা দি কুঙে বৰ আনন্দ পাইছিল। তেওঁৰ ওচৰলৈ অহা মানুহবিলাকেও এই উচ্চপদস্থ ৰাজবিষয়াজনৰ পাণ্ডিত্য, সৰলতা, কৰ্ত্তব্যপৰায়ণতা, সাধুতা আৰু সহৃদয়তাত মুগ্ধ হৈ পৰিছিল। অতি জটিল আৰু তাত্ত্বিক সমস্যাবিলাকৰ সৰল আৰু প্ৰাঞ্জল ব্যাখ্যাত লোকসকল তন্ময় হৈ পৰিছিল। পাণ্ডিত্যৰ গভীৰতাত মুগ্ধ হৈ তেওঁৰ ওচৰলৈ অহা লোকসকলে চিউকুঙক কুঙ-ফুৎ-ছে বা ৰজা-দাৰ্শনিক বুলিবলৈ ধৰিলে আৰু লাহে লাহে তেওঁৰ সৰুকালিৰ নাম চিউকুঙ তল পৰি জগতত কুঙ-ফুৎ-ছে নামে জনাজাত হ’ল। ইংৰাজ সকলে কুঙ-ফুৎ-ছে শব্দটো কনফুচিয়াছ ৰূপে ব্যৱহাৰ কৰিলে আৰু লাহে লাহে গোটেই পৃথিবীতে কনফুচিয়াছ নামেই প্ৰখ্যাত হল।

* * * *

 কনফুচিয়াছৰ বয়স ২৩ বছৰ হওতেই তেওঁৰ মাক চীঙছাই ঢুকায়। চীনদেশৰ প্ৰচলিত ৰীতি-অনুসৰি মাক বা বাপেক