পৃষ্ঠা:কনফুচিয়াছ.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
কনফুচিয়াছ

শীল পদত নিযুক্ত হৈ চিউৱে অতি সুখ্যাতিৰে আৰু দক্ষতাৰে কাম চলালে আৰু আগৰ চলিথকা আসোঁৱাহবোৰ দূৰ কৰি ৰজা প্ৰজা সকলোকে তুষ্ট কৰি সকলোৰে সমাদৰ পালে। চিউকুঙৰ অন্তৰৰ বাসনা আছিল সুশিক্ষা আৰু সুশাসন দুয়োকো সমন্বয় কৰি জনগণৰ হিতসাধনত প্ৰয়োগ কৰা। এতেকে উচ্চ চকাৰী পদত অধিস্থিত হৈও তেওঁ শিক্ষালাভ আৰু শিক্ষা আহৰণৰ প্ৰতি যথেষ্ট সচেতন আহিল। চৰকাৰী বিষয়ৰ দায়িত্ব আৰু কৰ্ত্তব্য সুচাৰুৰূপে সম্পন্ন কৰিও আজৰি সময়ত তেওঁ কবিতা আৰু সঙ্গীত চৰ্চ্চা কৰিবলৈ লাগিল। কবিতা আৰু সঙ্গীতত তেওঁৰ মন ইমান আকৃষ্ট হৈছিল যে তেওঁ চৰকাৰী পদ ইস্তফা দি একান্তমনে ইয়াৰ সাধনা কৰিবলৈ পাঙিছিল। কিন্তু তেনে সময়তে তেওঁৰ এটি পুত্ৰ জন্মে। মাক, পুতেক আৰু ঘৈণীয়েকৰ ভৰণ-পোষণৰ অন্য ব্যৱস্থা নথকাত তেওঁ চাকৰি কৰি থাকিব লগাতে পৰিল। কিন্তু তেওঁৰ মন ক্ৰমে অধ্যয়নৰ পিনেহে বেচি ঢাল খালে। নতুন নতুন বিষয় অধ্যয়ন কৰিবলৈ তেওঁৰ মনত প্ৰবল ধাউতি জন্মিল। পদৰ দায়িত্ব আৰু মৰ্য্যাদা সুচাৰুৰূপে আৰু সম্পূৰ্ণৰূপে পালন কৰিও আজৰি সময়ত ইতিহাস, কবিতা, সঙ্গীত আদি বিষয়বোৰ প্ৰণালীবদ্ধ ভাবে অধ্যয়ন কৰিবলৈ লাগিল। দিনে দিনে তেওঁৰ জ্ঞান বাঢ়িল আৰু গোটেই দেশতে তেওঁৰ বিদ্যা, বুদ্ধি, যশ, খ্যাতি প্ৰচাৰ হবলৈ ধৰিলে। তেওঁৰ ঘৰখন বিদ্যামন্দিৰ বা গভীৰ বিষয়ৰ আলোচনাকেন্দ্ৰ হৈ পৰিল।