পৃষ্ঠা:কনফুচিয়াছ.djvu/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
কনফুচিয়াছ

চীঙছাই বৰ সতৰ্ক আছিল। মাকৰ উদগণি, শিক্ষকৰ মৰম আৰু সমাদৰ পাই চিউয়ে পঢ়াশুনাত অধিক মনযোগ দিছিল আৰু নিচেই কম বয়সতে বয়স অনুপাতত জটিল পাঠবিলাককো সুন্দৰকৈ বুজি আয়ত্ব কৰিব পাৰিছিল। কুমলীয়া ছাত্ৰ চিউৰ বিদ্যাবুদ্ধিত শিক্ষকসকল মোহিত হৈছিল। বয়স বাঢ়ি অহাৰ লগে লগে কুংবংশৰ মেধাবী ছাত্ৰ চিউকুঙৰ যশস্যা গোটই দেশত বিয়পি পৰিল আৰু তেওঁৰ লগত আলাপ-আলোচনা কৰিবলৈ আৰু তেওঁৰ বক্তব্য শুনিবলৈ নানাঠাইৰ পৰা মানুহ আহিবলৈ ধৰিলে। ছাত্ৰ অবস্থাতে চিউকুঙে শিক্ষকতাও কৰিব লগা হৈছিল আৰু তেওঁতকৈ বয়সীয়াল আৰু সংসাৰৰ অভিজ্ঞতা থকা লোকসকলৰ লগত নানান সমস্যাৰ আলোচনা কৰোঁতে নিজৰ ওপৰত অটল বিশ্বাস জন্মিছিল। তেওঁৰ লগত আলোচনা কৰিব অহা লোকসকলৰ আন্তৰিক শ্ৰদ্ধা আৰু সন্মানে চিউকুঙজ প্ৰেৰণা যোগাইছিল আৰু সমস্যাবহুল, অৰিয়াঅৰি-বিধ্বস্ত চীনক নতুন পথেৰে আগুৱাই নিবলৈ চিন্তান্বিত কৰি তুলিছিল।

 চীনদেশত সেই সময়ত লৰা-ছোৱালীবিলাকৰ বিয়া-বাৰু কম বয়সতেই হৈছিল। ১৯ বছৰ বয়সত চিউকুঙে বিয়া কৰাই ছাত্ৰজীৱনৰ পৰা গাৰ্হস্থ্য জীৱনত সোমায়। চিউকুঙৰ পিতা ঢুকুৱাৰ সময়ত তেওঁৰ বয়স মাত্ৰ তিনি বছৰহে হৈছিল। বুজন হোৱাৰ লগে লগে আৰ্থিক অনাটনৰ হেঁচাত পৰি সংসাৰ চলাবলৈ চিউৱে পৰিশ্ৰম কৰিব লগীয়া হৈছিল। নানা কাম কাজ