পৃষ্ঠা:কনফুচিয়াছ.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
কনফুচিয়াছ

সন্তান জন্মে সেই উদ্দেশ্যে তেওঁ নানা পূজা-পাতল কৰিছিল। এদিন চীঙছাইয়ে এটা সপোন দেখিলে আৰু সেই সপোনত তেওঁক যেন এগৰাকী দিব্য পুৰুষে কৈ গ’ল যে এইবাৰ তেওঁৰ এটি সৰ্ব্বসুলক্ষণসম্পন্ন পুত্ৰ জন্মিব আৰু সেই পুত্ৰক নূনী গছৰ খোৰোঙত জন্ম দিব লাগিব। এই সপোনৰ কথা যেতিয়া চীঙছাই গিৰিয়েকক কলে তেতিয়া শ্বুহলিয়াঙে এই দৈববাণীৰ মৰ্ম্ম বুজি পালে আৰু প্ৰসবৰ সময়ত তেওঁ ঘৈণীয়েক চীঙছাইক নুনী গুহা নামৰ গুহা এটাত থৈ আহিল গৈ। যথাসময়ত চীঙছাইৰ সেই গুহাটোত এটি দীপলিপ পুত্ৰ সন্তান জন্ম হ’ল আৰু সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে বিদ্যাধৰী অপ্সৰী সকলে আহি গুহাৰ সমুখত সেই নবজাতকক সম্বৰ্দ্ধনা জনালে। গুহাটোৰ ভিতৰে বাহিৰে বিদ্যাধৰী সকলে সুগন্ধি দ্ৰব্য ছটিয়াই মলমলীয়া গোন্ধেৰে ওপচাই পেলালে আৰু নানা সুললিত সঙ্গীত গাবলৈ ধৰিলে। তেনে সময়তে এটা আকাশবাণীয়ে প্ৰসূতী চীঙছাইক সম্বোধন কৰি ঘোষণা কৰিলে যে এই লৰাৰ পুণ্যজন্মত স্বৰ্গৰ দেৱতাসকল তুষ্ট হৈ এই সঙ্গীতেৰে নবজাতকক অভ্যৰ্থনা জনাইছে। এই লৰাই দেশত ধৰ্ম্ম প্ৰতিষ্ঠা কৰিব আৰু মানবক নতুন পথৰ সম্ভেদ দিব। সদ্যজাত শিশুটিক ধুৱাবলৈ পানীৰ যোগান ধৰি সেই গুহাৰ মাজৰ পৰাই এটা নিজৰা ওলাই আহিল আৰু লগে লগে যেন কোনোবাই কৈ উঠিল— এই লৰাই মৰুদেশত পৰিণত হোৱা ছাওদেশৰ কণ্টকবিহীন ৰজা হ’ব।