খেতিয়কে খেতিৰ মাটিত স্বত্ব-স্বামীত্ব পোৱাৰ লগে লগে খেতিয়ক সকলৰ মাজত অপূৰ্ব্ব জাগৰণে দেখা দিলে আৰু দেশৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে উন্নত হৈ আহিব ধৰিলে। খেতিয়ক সকলে দুগুণ উৎসাহে কাম কৰিব ধৰিলে আৰু দেশৰ উৎপাদন যথেষ্ট বাঢ়িল। সাম্ৰাজ্যৰ অইন অইন ৰাজ্যৰ তুলনাত সেইখন ৰাজ্যৰ শ্ৰীবৃদ্ধি চকুত লগা হৈ পৰিল আৰু যিবিলাক ৰাজ্যত ভূমি বিতৰণ নীতিত এনে সংস্কাৰ প্ৰবৰ্ত্তন কৰা নাছিল তাৰ কৃষকসকলৰ মাজত বৰ অসন্তুষ্টিয়ে দেখা দিলে। তাৰপৰি ফিউদেল বা জমিদাৰী প্ৰথা প্ৰচলনৰ কাৰণে পানী যোগান ব্যৱস্থা অৱহেলিত হোৱাত মাটিৰ উৎপাদিকা শক্তি কমি যাবলৈ ধৰিলে আৰু দেশত দুৰ্ভিক্ষই দেখা দিলে। প্ৰজাৰ মাজত বিদ্ৰোহ আৰম্ভ হল আৰু চীন ৰাজ্যৰ ৰজা চীন চেঙে (Chin Cheng) এই বিদ্ৰোহী প্ৰজাসকলৰ অধিনায়কত্ব কৰিবলৈ সুযোগ পালে। কাৰণ তেওঁ ৰাজ্যত খেতিয়ক সকলক মাটিৰ অধিকাৰ দিছিল আৰু প্ৰয়োজনীয় পানীযোগান ব্যৱস্থা উন্নত কৰি ৰাখিব পাৰিছিল। খৃঃ পূঃ ২২১ চনত চীন চেঙে তথাকথিত স্বাধীন ৰাজ্যবিলাকক প্ৰজাৰ সহযোগত দমন কৰি নিজৰ বশ্যতালৈ আনে আৰু চীন শ্বিহ হুৱেংটি নাম লয়। এই নাম আগেয়ে পৌৰাণিক দেবৰাজ এজনৰহে আছিল। এই নাম লৈ চীন শ্বিহ হুৱেংটিয়ে নিজক প্ৰথম সম্ৰাট বুলি ঘোষণা কৰে আৰু গোটেই চীন সাম্ৰাজ্য একত্ৰীকৰণ কৰি প্ৰবল প্ৰতাপে শাসন কৰে। তেওঁৰ দিনতে প্ৰথম-
পৃষ্ঠা:কনফুচিয়াছ.djvu/৪০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
কনফুচিয়াছ