পৃষ্ঠা:কনফুচিয়াছ.djvu/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩১
কনফুচিয়াছ

নোৱাৰিছিল। কৃষি সমস্যাই চীনত প্ৰধান সমস্যা আছিল আৰু তাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধিক প্ৰয়োজন আছিল। ফলত কৃষক জনসাধাৰণৰ ওপৰত জমিদাৰ সকলৰ স্থায়ী প্ৰভুত্ব আৰু আধিপত্য নৰজিছিল।

 চীনৰ এই সামন্ত ৰাজসকলৰ ভিতৰত প্ৰথমতে খৃঃ পূঃ ৩৫০ চনত “চীন” ৰাজ্যত (State of Chin) জমিদাৰী প্ৰথা বা ফিউদেল প্ৰথা উঠাই দিয়া হয় আৰু জমি বিতৰণৰ এটা নতুন পদ্ধতি গ্ৰহণ কৰা হয়। এই নীতিমতে সকলো মাটিৰ অধিকাৰী আছিল সম্ৰাট আৰু প্ৰত্যেকজন মানুহকে কুৰিবছৰ বয়স হোৱাৰ লগে লগে একোখণ্ড জমি পত্তন দিয়া হৈছিল। কিন্তু মানুহজনৰ মাটিত স্বত্ব নাছিল আৰু দান বিক্ৰী হস্তান্তৰ একো কৰিব নোৱাৰিছিল। সি সেই মাটিত খেতি কৰিব আৰু তাৰ উৎপাদনেৰে জীবিকা নিৰ্ব্বাহ কৰিব পাৰিছিল। আকৌ মানুহজনৰ ষাঠি বছৰ বয়স হোৱাৰ পাচত সেই জমিত তাৰ কোনোৰূপ স্বত্ত্বই নাথাকে আৰু পুনৰ সেই জমি ৰজাৰ হাতলৈ আহে। প্ৰথমতে এই নীতি কাৰ্য্যকৰী হৈছিল আৰু সাময়িক ভাবে হলেও খেতিয়কে নিজৰ এডৰা জমি পোৱাত যথেষ্ট আগ্ৰহে তাত খেতিবাতি কৰিছিল। কিন্তু পিচলৈ জনসংখ্যাৰ অত্যধিক বৃদ্ধিৰ কাৰণে এই নীতি বিফল হল আৰু উৎপাদন কমি যাবলৈ ধৰিলে। দেশৰ অ’ত ত’ত মাটিত কৃষকৰ সুকীয়া স্বত্ব গজি উঠিল আৰু অবশেষত খেতিৰ মাটিত কৃষকৰ স্বত্বই চীন ৰাজ্যত চৰকাৰৰ পৰাও স্বীকৃতি পালে।