পৃষ্ঠা:কনফুচিয়াছ.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩০
কনফুচিয়াছ

সকলৰ জীৱন নিৰ্ব্বাহ সহজ নাছিল। কনফুচিয়াছৰ কবিতাপুথিত সঙ্কলিত কবিতাবোৰত সেইযুগৰ খেতিয়কৰ দুৰবস্থা বৰ্ণাই লিখা কবিতাবোৰেই তাৰ সাক্ষী। বৰষুণ হৈ খেতিৰ উপযোগী বতৰ হলেও প্ৰথমে খেতিয়কে জমিদাৰৰ মাটিহে চহাব লাগিব। জমিদাৰৰ মাটিৰ খেতি লগোৱা শেষ হলেহে নিজৰ মাটিত চহ আৰম্ভ কৰিব পাৰে। তেতিয়ামানে হয়তো খেতিৰ বতৰেই নাথাকে। সমাজত জমিদাৰসকলৰ বৰ প্ৰতিপত্তি আছিল আৰু ৰজাঘৰতো সি স্বীকৃতি পাইছিল।

 সীমান্তত থকা জমিদাৰ সকলৰ ক্ষমতা ক্ৰমে বাঢ়ি গৈছিল আৰু সময়ে সময়ে তেওঁলোকৰ মাজত যুদ্ধবিগ্ৰহো হৈছিল আৰু প্ৰত্যেকে সামৰিক শক্তিৰ বৃদ্ধিত মনোনিবেশ কৰিছিল। সময়ত কোনো কোনো ক্ষমতাপন্ন জমিদাৰে নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰিছিল আৰু কেন্দ্ৰীয় সম্ৰাটৰ বিৰুদ্ধেও বিদ্ৰোহ কৰিছিল। খৃঃ পূঃ ৭৫০ চনৰ পৰা খৃঃ পূঃ ২৫০ চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা শিথিল আছিল আৰু চীনত অসংখ্য স্বাধীন ৰাজ্য গঢ়ি উঠিছিল। এওঁলোকে নামতহে সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল আৰু প্ৰকৃততে সাৰ্ব্বভৌম ৰজাৰ দৰেই চলিছিল। কিন্তু চীনৰ কৃষিৰ বিশেষত্বৰ কাৰণেই জমিদাৰী প্ৰথাই ভালদৰে খোপনি পুতিব নোৱাৰিছিল। পানীযোগানৰ কেন্দ্ৰীয় ব্যবস্থাৰ প্ৰয়োজন সদায় অব্যাহত আছিল আৰু কৃষকে সদায় উমৈহতীয়া পানীযোগানৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হোৱাত আঞ্চলিক অনুগত্য গাঢ় হব