কিন্তু ই জন্মগত স্বত্ব নহৈ ৰাইজৰ ইচ্ছাৰ ওপৰতহে নিৰ্ভৰ কৰিছিল।
ৰাজ্যৰ সংখ্যা বাঢ়িলত চৌ বংশৰ সম্ৰাট সকলে এই ৰাজ্যবোৰক কেন্দ্ৰীয় চৰকাৰত প্ৰতিনিধিত্ব কৰিবলৈ একোজন কৃতিত্ব-সম্পন্ন, বিদ্বান আৰু চৰিত্ৰবান পুৰুষক মনোনীত কৰিবলৈ নিৰ্দ্দেশ দিছিল আৰু এই মনোনীত সদস্য সকলক লৈ সম্ৰাটৰ কেন্দ্ৰীয় চৰকাৰ গঠিত হৈছিল। লাহে লাহে ৰাজ্যৰ জনসংখ্যা অনুপাতে এই সদস্য সকলৰ সংখ্যা বৃদ্ধি হৈছিল। অবশেষত ছুই বংশৰ ৰজাসকলৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাজেদি নিৰ্ব্বাচন কৰি লোৱা হৈছিল।
চৌবংশৰ সম্ৰাট সকলৰ যুগটো চীনৰ ইতিহাসৰ সামন্তযুগ বুলি কোৱা হয়। চৌবংশৰ সম্ৰাটেই জমিদাৰী পদ্ধতিত চীনৰ সম্ভ্ৰান্ত পৰিয়াল সকলক পাঁচ ভাগত ভগায় আৰু প্ৰত্যেক শ্ৰেণীকে একো একোটা বিশেষ মৰ্য্যাদা দিয়ে। সাধাৰণ প্ৰজাসকলক সামাজিক প্ৰতিষ্ঠা অনুযায়ী চাৰি ভাগত বিভক্ত কৰিছিল, যেনে বিদ্বান পণ্ডিত কৃষক, শিল্পী আৰু বণিক সকল। অকল বিদ্বান সকলেহে ৰাজবিষয়া পাব পাৰিছিল আৰু জমিদাৰ সকলক লৈ তেওঁলোকেই সমাজত বিশেষ প্ৰতিপত্তি পাইছিল। সাধাৰণ প্ৰজা সকলে এই জমিদাৰ সকলৰ খেম-খাটনি কৰিব লাগিছিল আৰু তেওঁলোকৰ তলত খেতি-বাতি কৰি জীবিকা নিৰ্ব্বাহ কৰিব লাগিছিল। সেইকালত খেতিয়ক