চীনৰ সভ্যতা কৃষিপ্ৰধান হোৱা কাৰণেই চীন কেতিয়াও প্ৰসিদ্ধ যুজাৰু জাতি নাছিল। দাতি কাষৰীয়া ঠাইবিলাক অস্ত্ৰৰ পৰিবৰ্ত্তে সংস্কৃতিৰেহে চীনে জয় কৰিছিল। চীনৰ বীৰপুৰুষ সকলৰ সামৰিক প্ৰতিপত্তিতকৈ সাংস্কৃতিক অৱদানহে বেচি আছিল। চীনত অৱশ্যে যুদ্ধবিগ্ৰহ হৈছিল আৰু চীনৰ প্ৰজাসকলেও সেই যুদ্ধবোৰত অংশ লৈছিল কিন্তু চীনৰ সাংস্কৃতিক আদৰ্শ সমৰ-নৈপুণ্য নহয় আৰু সেই কাৰণেই সমাজত সৈনিক সকলৰ সমাদৰ নাছিল। যুদ্ধবিগ্ৰহ নোহোৱাকৈ শান্তিৰে থকাটোৱেই চীনৰ জাতীয় জীৱনৰ আদৰ্শ আছিল আৰু শান্তি প্ৰণোদক মনোবৃত্তি, যৌক্তিকতা, সাধুতা আদিত অধিক গুৰুত্ব আৰোপ কৰিছিল। ফলত শান্তিপ্ৰিয় আৰু সহিষ্ণু সমাজ চীনত গঢ়ি উঠিছিল।
পিতৃপ্ৰধান পৰিয়ালৰ ভেঁটিত লাহে লাহে সৰু সৰু ৰাজ্য কিছুমান গঠিত হল। এই অকণি অকণি ৰাজ্যবোৰত সেই বংশৰ ক্ষমতাপন্ন মূৰীজনে শাসন ভাৰ গ্ৰহণ কৰিছিল আৰু সেই বংশৰ বিদ্বান আৰু জ্ঞানীলোক সকলে প্ৰশাসন কাৰ্য্যত দিহা পৰামৰ্শ দিছিল। ৰাজ্যৰ মূৰীজন এক প্ৰকাৰ নিৰ্ব্বাচন পদ্ধতিত পাতি লৈছিল আৰু তেওঁৱেই ৰজা, পিতৃ আৰু সমাজৰ ধৰ্ম্মকৰ্ম্ম আদিৰ পুৰোহিতো আছিল। ৰজাৰ উত্তৰাধিকাৰী পুৰুষানুক্ৰমে নাপাতি যোগ্য ব্যক্তিক নিৰ্ব্বাচন কৰি লৈছিল। ৰজাৰ পুতেকৰ যোগ্যতা থাকিলে সৰ্ব্বসম্মতিক্ৰমে তেওঁকেই ৰাজপাটত তুলিছিল