চলি আহিছে। এই যুগত চীনৰ জীৱনৰ গতি আৰু অনুস্থানবিলাক এটা স্থায়ী পৰ্য্যায়লৈ আহে আৰু নিৰ্দিষ্ট ৰূপ লয়। চীনা সভ্যতাই এই যুগত যি গঢ় ললে সিয়েই সামান্য পৰিবৰ্ত্তিত বা সংশোধিত হৈ আজিলৈকে চলি আহিছে আৰু চীনৰ জাতীয় জীৱনত তাৰ প্ৰভাৱ অপ্ৰত্যাহত ভাবে চলি আছে।
চীনৰ সভ্যতা প্ৰধানতঃ কৃষি সভ্যতা। চীনৰ কাঞ্চু, শ্বঞ্চি,
শ্বাঞ্চি আৰু হোনান আদি পলসুৱা ভূভাগত এই সভ্যতা গঢ়ি
উঠিছিল। চীনৰ পৰিয়াল পিতৃ-প্ৰধান। পৰিয়ালটোৰ
ভিতৰত বাপেকৰ কৰ্ত্তৃত্ব সকলোৱে মানি চলিছিল। এই
অঞ্চলবোৰত কৃষি কৰিবলৈ পানীৰ যোগান ব্যৱস্থা নিজে কৰিব
লগা হৈছিল আৰু তাৰ বাবেই খেতিৰ কামত গোটেই
পৰিয়ালটোৰ সক্ৰিয় সহযোগৰ আৱশ্যক হৈছিল। এতেকে
পৰিয়ালটোৱেই একোটা গোট হিচাবে সমাজ ব্যৱস্থাত স্বীকৃতি
পাইছিল আৰু বাপেকেই পৰিয়ালটোৰ মূৰব্বী আছিল।
পানীযোগান ব্যৱস্থাৰ কাৰণে কেইবাটাও পৰিয়ালে মুঠ বান্ধিছিল
আৰু সেই পৰিয়ালবৰ্গৰ ভিতৰত সন্মানী একোজনক
মূৰব্বী পাতি তেওঁৰ দিহামতে কাম কৰিছিল। এইদৰে ক্ৰমাৎ
পৰিয়ালৰ সংখ্যা বৃদ্ধিহোৱাত আৰু খেতিৰ মাটিৰ আয়তন
বাঢ়ি যোৱাত একো একোখন সৰু সুৰা ৰাজ্যত পৰিণত
হৈছিল আৰু পৰিয়ালৰ আৰ্হিৰে এই ৰাজ্যবোৰতো পিতৃ-প্ৰধান
ৰীতি প্ৰবৰ্ত্তিত হৈছিল। ৰাজ্যখনেই এটা বিৰাট
পৰিয়ালত ৰূপান্তৰিত হৈছিল।