পৃষ্ঠা:কনফুচিয়াছ.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
কনফুচিয়াছ

ৰজাসকলে খৃঃ পূঃ ২২০৫ চনৰ পৰা খৃঃ পুঃ ১৭৬৬ চনলৈ ৰাজত্ব কৰে।

 এই সম্ৰাটসকল প্ৰকৃততে ঐতিহাসিক ব্যক্তি বুলি গৃহীত নহলেও চীনৰ সাংস্কৃতিক ইতিহাসত এওঁলোকক ঐতিহাসিক ৰূপ দিয়া হৈছে। আচলতে এই পৌৰাণিক সম্ৰাটসকলে চীনৰ সভ্যতা আৰু সংস্কৃতিৰ ক্ৰমবিকাশৰ গতিত বিভিন্ন স্তৰৰ নিৰ্দ্দেশক হিচাবেহে স্বীকৃতি পাইছে। এওঁলোক প্ৰত্যেকে একো একোটা স্তৰৰ প্ৰতীক। ফুছি চীনৰ অঘৰী যুগৰ প্ৰতীক। সেই যুগত মানুহ সমাজৰ স্তৰলৈ অহা নাই। ধেনুকাঁ‌ড় আদিৰ সহায়ত মানুহ চিকাৰজীবী হৈ আছিল। শ্বেন নুঙ কৃষি প্ৰবৰ্ত্তন যুগৰ প্ৰতীক। মানুহে লাহে লাহে কৃষিজীবনলৈ আহিব লাগিছে কিন্তু আগৰ অৱস্থাৰ অবসান হোৱা নাই। হুৱেং টিৰ যুগত সমাজ ব্যৱস্থাৰ পত্তন হৈছে আৰু য়াও, শ্বুন, ইউৰ যুগত সমাজ, শাসন ক্ৰমে আদৰ্শৰ ওপৰত স্থাপিত হৈছে।

 খৃঃ পূঃ ১১২২ চনৰ পৰা খৃঃ পূঃ ২৫৫ চনলৈকে চীনত বিখ্যাত চৌ-বংশৰ ৰজা সকলে ৰাজত্ব কৰে। চৌ-বংশৰ আৰম্ভণিৰ পৰাই চীনৰ বিশ্বাসযোগ্য প্ৰকৃত ইতিহাস পোৱা যায়। তাৰ আগলৈকে চীনৰ ইতিহাস পৌৰাণিক আখ্যান আৰু প্ৰকৃত ইতিহাসৰ সংমিশ্ৰণ হৈ অহা কাৰণে পণ্ডিতসকলে প্ৰামাণিক ইতিহাস বুলি মানি লবলৈ টান পায়। চৌ-বংশৰ ৰজাসকলৰ দিনৰ পৰা চীনৰ প্ৰামাণিক নিৰবচ্ছিন্ন ইতিহাস