পৃষ্ঠা:কনফুচিয়াছ.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৫
কনফুচিয়াছ

নিৰহঙ্কাৰী আছিল আৰু প্ৰবল প্ৰতাপী হৈও তেওঁ অত্যাচাৰী নাছিল। তেওঁৰ ৰাজপ্ৰাসাদৰ সমুখত এচটা বহল কাঠ পাতি থৈছিল। বোৰ্ডৰ নিচিনা এই কাঠডোখৰত প্ৰশাসনীয় ব্যৱস্থা সম্পৰ্কে যি কোনোৱে নিজৰ মন্তব্য বা পৰামৰ্শ লিখি ৰজাক জনাব পাৰিছিল। এই কাঠ চটাৰ ওচৰতে এটা ঢোল ৰাখিছিল আৰু কোনো মানুহৰ কিবা গোচৰ বা অভিযোগ থাকিলে এই ঢোল বজাই ৰজাৰ দৃষ্টি আকৰ্ষণ কৰি ৰাজচৰাত গোচৰ উত্থাপন কৰিব পাৰিছিল। প্ৰজাৰ মঙ্গল সাধনেই আছিল তেওঁৰ ব্ৰত। সেই কাৰণে তেওঁৰ উত্তৰাধিকাৰী নিৰ্ব্বাচনত যোগ্যতালৈ লক্ষ্য কৰি তেওঁৰ আত্মীয় কাকো ৰাজ-সিংহাসনৰ বাবে মনোনীত নকৰি শ্বুন নামেৰে এজন সাধাৰণ প্ৰজাকহে ৰজা পাতিবলৈ মনোনীত কৰিছিল। গুণ আৰু দক্ষতাকহে তেওঁ সমাদৰ কৰিছিল আৰু সঁচাকৈ শ্বুনক মনোনীত কৰি তেওঁ উদাৰ মন আৰু দূৰদৰ্শিতাৰ পৰিচয় দিছিল। য়াওৱে চীনত বহুত সংস্কাৰ প্ৰবৰ্ত্তন কৰিছিল আৰু আজিও চীনাসকলে তেওঁৰ স্মৃতিত শ্ৰদ্ধা জনায়। য়াওৰ পিছত তেওঁৰ মনোনয়ন অনুযায়ী শ্বুন ৰজা হয় আৰু খৃঃ পূঃ ২২৫৮ চনৰ পৰা খৃঃ পূঃ ২২০৫ চনলৈকে ৰাজত্ব কৰে। শ্বুনেও তেওঁৰ পূৰ্ব্ববৰ্ত্তী সম্ৰাট য়াওৰ পটন্তৰ সাৰোগত কৰি নিজৰ বংশৰ কাকো ৰাজপদৰ বাবে মনোনীত নকৰি যোগ্যতালৈ লক্ষ্য কৰি ইউ নামেৰে এজন পাকৈত পানী নিয়ন্ত্ৰণ কৰা ইঞ্জিনিয়াৰক মনোনীত কৰে। এই ইউয়ে বিখ্যাত ছিয়া বংশৰ প্ৰৱৰ্ত্তক। এই ছিয়া বংশৰ