পৃষ্ঠা:কনফুচিয়াছ.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
কনফুচিয়াছ

ৰাখিছে। চিহ্ ইউ (Chih Yu) নামেৰে এজন অসভ্য জনজাতীয় নেতা প্ৰবল পৰাক্ৰমী হৈ উঠিছিল আৰু তাক কোনোৱে পৰাজয় কৰিব নোৱাৰিছিল। দেৱতাৰ বৰত এই ৰজা জনে যুদ্ধত কুঁৱলীৰ ডাঠ আৱৰণ সৃষ্টি কৰি শত্ৰুপক্ষক মাৰি কাটি সাং কৰিছিল। অৱশেষত হুৱেং টিয়ে কম্পাছ বা দিকনিৰ্ণয় যন্ত্ৰ আবিষ্কাৰ কৰি চিহ্ ইউৰ অৱস্থান নিৰ্ণয় কৰিছিল আৰু যুদ্ধত ঘটুৱাই হত্যা কৰিছিল। এইজন ৰজাই যানবাহন, আদান-প্ৰদানৰ মাধ্যম প্ৰচলন কৰিছিল। এওঁৱেই লিপি প্ৰণালীৰ উন্নতি কৰিছিল আৰু প্ৰণালীবদ্ধ ইতিহাস লিখিবলৈ ইতিহাস লিখকৰ বোৰ্ড স্থাপন কৰিছিল। এই বোৰ্ডৰ সদস্য সকল ৰাজকৰ্ম্মচাৰী আছিল আৰু দেশৰ ইতিহাস সঙ্কলন কৰিছিল। শাসনকাৰ্য্যত তেওঁ এজন জনহিতকৰ সম্ৰাট আছিল। তেওঁ বিদ্ৰোহীসকলৰ প্ৰতি অতি কঠোৰ আৰু ৰাজভক্ত প্ৰজাৰ প্ৰতি অতি দয়ালু আছিল। তেওঁৰ ৰাজমহিষী লেইছু বৰ দয়ালু তিৰোতা আছিল আৰু প্ৰজাৰ মঙ্গলৰ বাবে সদায় চেষ্টা কৰিছিল। তেওঁ প্ৰজাসকলক পাটপলুৰ পৰা পাটৰ সূতা কাটি কাপোব ব’ব শিকাইছিল। তেওঁক আজিও পাট শিল্পৰ অধিস্থাত্ৰী দেৱী হিচাবে পূজা কৰা হয়।

 চীনৰ প্ৰথম ৰাজাধিৰাজ হুৱেং টিৰ পিচৰ দুজন ৰজা চুৱান ছু আৰু কু বৰ প্ৰখ্যাত নাছিল। কিন্তু চতুৰ্থজন ৰজা য়াও অতি বিখ্যাত আছিল। য়াওৰে খৃঃ পূঃ ২৩৫৭ চনৰ পৰা খৃঃ পূঃ ২২৫৮ চনলৈ ৰাজত্ব কৰে। সকলো গুণৰ অধিকাৰী হৈও তেওঁ