পৃষ্ঠা:কনফুচিয়াছ.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
কনফুচিয়াছ

 ফুছিৰ পিচৰজনা ৰজাৰ নাম আছিল শ্বেন নুঙ। এওঁ খৃঃ পূঃ ২৭৩৭ চনৰ পৰা খৃঃ পূঃ ২৭০৫ চনলৈকে ৰাজত্ব কৰে। এইজনা ৰজাই কৃষি আৰু দৰৱজাতি প্ৰচলন কৰে। চীন ইতিহাস পৰম্পৰাত ছুইজেন, ফুছি আৰু শেন নুঙ— এই তিনিজনাই দেৱৰাজ বা স্বৰ্গৰ ৰজাই মৰতলৈ আহি চীনদেশত ৰাজত্ব কৰে আৰু সভ্যতা আৰু সংস্কৃতিৰ বীজ মৰতত ৰোপণ কৰে।

 শ্বেন নুঙৰ পিচৰ ৰজাসকল বৰ পৰাক্ৰমী নাছিল আৰু এওঁলোকে দাঁ‌তি কাষৰীয়া দুৰ্দ্দান্ত জনজাতি সকলৰ আক্ৰমণত বৰ বিব্ৰত হৈ পৰিছিল। সেই কাৰণে এই ৰজাসকলৰ দিনত বিশেষ উল্লেখযোগ্য ঘটনা নোহোৱাত ইতিহাসত তেওঁলোকৰ বিষয়ে বিশেষ জনা নাযায়। ইয়াৰ পিছৰ জন প্ৰখ্যাত ৰজা আছিল হুৱেং টি। এওঁৰ ৰাজত্বকাল খৃঃ পূঃ ২৬৯৭ চনৰ পৰা খৃঃ পূঃ ২৫৯৭ চনলৈকে এশবছৰ আছিল। হুৱেং টি চীনৰ পাঁচজনা ৰাজচক্ৰবৰ্ত্তীৰ প্ৰথম আছিল। হুৱেং টিৰ পূৰ্ব্ববৰ্ত্তী ৰজাসকলৰ দুৰ্ব্বলতাৰ সুযোগ লৈ ইতিমধ্যে চীনত সৰু ৰাজ্য কেইবাখনো গঢ়ি উঠিছিল আৰু দাঁ‌তিকাষৰীয়া পৰাক্ৰমী জনজাতীয় নেতা কিছুমানে কিছু অংশত তেওঁলোকৰ আধিপত্য চলাইছিল। হুৱেং টিয়ে এই সকলোবোৰ ৰজাক নিজৰ বশ্যতালৈ আনিছিল আৰু সেইকাৰণেই তেওঁক ৰাজচক্ৰবৰ্তী বোলা হৈছিল। হুৱেং টি এজন প্ৰসিদ্ধ যোদ্ধা আছিল আৰু চো লু সমৰে তেওঁৰ নাম চিৰস্মৰণীয় কৰি