এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
ভূমিকা
বিশ্ববিখ্যাত দাৰ্শনিক কেইজনমানৰ জীৱনী আলোচনা কৰিবলৈ বহুত দিনৰে পৰা এটি হেঁপাহ আছিল। এই উদ্দেশ্যেই গ্ৰীক দাৰ্শনিকসকলৰ শ্ৰেষ্ঠ তিনিজনা—চক্ৰেটিচ, প্লেটো আৰু এৰিষ্টটল সম্বন্ধে প্ৰৱন্ধ কেইটামান কিতাপ আকাৰে প্ৰকাশ কৰিছিলো। চীনৰ প্ৰসিদ্ধ দাৰ্শনিক, সংস্কাৰক আৰু শিক্ষক কনফুচিয়াছ সম্পৰ্কে লিখা প্ৰৱন্ধকেইটা মোৰ দ্বিতীয় চেষ্টা।
কিতাপখন যুগুত কৰোতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ প্ৰফুল্লদত্ত গোস্বামী আৰু সন্দিকৈ কলেজৰ অধ্যাপক শ্ৰীতিলকচন্দ্ৰ বৰগোহাঁইৰ পৰা যথেষ্ট সহায় পাইছোঁ। তেখেতসকলক মোৰ কৃতজ্ঞতা জনালোঁ। কনফুচিয়াছৰ ছবিটো শ্ৰীমান নগেন্দ্ৰ বুজৰবৰুৱাই আঁকি দিয়া বাবে শলাগ লৈছোঁ।
সন্দিকৈ কলেজ |