পৃষ্ঠা:কনফুচিয়াছ.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
কনফুচিয়াছ

প্ৰসিদ্ধ। চীনামাটিৰ বস্তু বৰ্ত্তমান সভ্যজগতৰ অপৰিহাৰ্য্য ব্যবহাৰ্য্য বস্তু।

 ধৰ্ম্মসম্পৰ্কে চীনাসকল সদায় সহিষ্ণু আছিল। একেসময়তে কেইবাটাও ধৰ্ম্ম একেলগে চীনত প্ৰচাৰিত হৈছিল। কিন্তু সেই বিভিন্ন ধৰ্ম্মাৱলম্বী সকলৰ মাজত বেয়াভাব, হিংসা দ্বেষ বৰ নাছিল আৰু শান্তিপূৰ্ণ ভাবেই আটাই কেইটা ধৰ্ম্মই সহাৱস্থানৰ সুযোগ পাইছিল। মাজে সময়ে অৱশ্যে অলপ অচৰপ ধৰ্ম্মৰ নামত উৎপীড়ন হৈছিল। কিন্তু তেনে উৎপীড়নে চৰকাৰৰ পৰা প্ৰশ্ৰয় পোৱা নাছিল বৰং বাধাহে পাইছিল। গতিকে সেই যুগতে চীন একপ্ৰকাৰ ধৰ্ম্মনিৰপেক্ষ ৰাষ্ট্ৰ আছিল। ধৰ্ম্মৰ নামত চীনত যুদ্ধবিগ্ৰহ হোৱা নাছিল। কনফুচিয়াছৰ প্ৰচাৰিত ধৰ্ম্ম, তাওধৰ্ম্ম আৰু বৌদ্ধধৰ্ম্ম— এই তিনিটাই চীনৰ প্ৰধান ধৰ্ম্ম আৰু চীনাসকলে তিনিওটা ধৰ্ম্মকে গ্ৰহণ কৰিছে।


 

(৩)

ঐতিহাসিক পটভূমি

 ইতিহাস সাহিত্যৰ সম্পদত চীন বৰ চহকী। চীনাসকলৰ চলিত প্ৰবাদ মতে চীনৰ ইতিহাস ছুইজেন (Sui Jen) নামৰ ৰজা এজনৰ পৰা আৰম্ভ হয়। এইজনা প্ৰাক-ঐতিহাসিক যুগৰ ৰজা আৰু এইজন ৰজাৰ বৰ্ণনা পৌৰাণিক আখ্যান বুলিহে ধৰিব লাগে। এইজন ৰজাক জুই আবিষ্কাৰক বুলি কোৱা