পৃষ্ঠা:কনফুচিয়াছ.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২০
কনফুচিয়াছ

কবিতা, ধৰ্ম্মসাহিত্য, গণিত, নাটক আদি সকলো বিষয়তেই চীনা সাহিত্য প্ৰাচীন কালতে যথেষ্ট আগবঢ়া আছিল। চৰকাৰী উচ্চপদত অধিস্থিত বিষয়ববীয়াসকল শিক্ষিত লোক আছিল আৰু চীনৰ সাহিত্যত এই ৰাজবিষয়াসকলৰ বৰঙণিয়েই বেচি। ইতিহাস সাহিত্যত চীন পৃথিবীৰ ভিতৰতে শ্ৰেষ্ঠ আৰু খৃঃ পূঃ প্ৰায় আঢ়ৈহাজাৰ বছৰৰ পৰাই চীনৰ ইতিহাস পোৱা যায়। এই কালছোৱাৰ ইতিহাসত পৌৰাণিক আখ্যান, জনশ্ৰুতি আদি সংমিশ্ৰণ হোৱাত পণ্ডিত সকলে ইয়াত ঐতিহাসিক প্ৰামাণ্যৰ গুৰুত্ব দিব নোখোজ। কিন্তু খৃঃ পূঃ আঠশ বছৰৰ পৰা চীনৰ প্ৰকৃত ইতিহাস নিৰৱচ্ছিন্নভাবে লিপিবদ্ধ হৈ চলি আহিছে। পৃথিৱীৰ ভিতৰত কোনো জাতিৰেই নিয়মিত ভাবে লিখা প্ৰামাণিক ইমান প্ৰাচীন ইতিহাস পোৱা নাযায়। আমাৰ আহোম স্বৰ্গদেউ সকলেও চীনদেশৰ ঐতিহ্যৰ পৰাই ইতিহাস লিখা প্ৰথা আৰু প্ৰেৰণা লগত লৈ আহিছিল।

 পৃথিৱীৰ ভিতৰত চীনতেই প্ৰথমে কিতাপ চপোৱা ব্যৱস্থা আবিষ্কাৰ হয়। তাৰ বহুকাল পিচতহে ইউৰোপত চপাখানা আবিষ্কাৰ হয়। ইউৰোপতকৈ বহুত দিন আগেয়ে কাগজ তৈয়াৰ কৰা প্ৰণালীও চীনত ওলায়। চিত্ৰকলাতো অতি পুৰণি কালতে চীনাসকলে উৎকৰ্ষ লাভ কৰিছিল। চিত্ৰশিল্পী সকল প্ৰায়েই কবি আছিল আৰু কবিতাৰ ভাব চিত্ৰত ফুটাই তুলিছিল। মাটিৰ ববানৰ বাবে চীন জগতত