পৃষ্ঠা:কনফুচিয়াছ.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
কনফুচিয়াছ

কৰিছিল। অতি কমসংখ্যক লোকেহে প্ৰকৃত শিক্ষা লাভ কৰি মৌলিক চিন্তা কৰিবলৈ সমৰ্থ হৈছিল। স্ত্ৰীশিক্ষা সম্পূৰ্ণ অৱহেলিত আছিল আৰু সমাজতো তিৰোতাৰ স্থান নিম্নতম পৰ্য্যায়ত আছিল। জনসংখ্যাৰ বৃহত্তম অংশই নিৰক্ষৰ আছিল আৰু শতকৰা ৫ জন লোকেহে কথমপি আখৰ চিনিছিল। শিক্ষিত সকলৰ ভিতৰতো মৌলিক চিন্তা বা গবেষণাৰ অভাৱ আছিল আৰু চাকৰী পূৰণৰ বাবে লোৱা পৰীক্ষাত কৃতিত্ব লাভ কৰিবলৈ কৰা যৎপৰোনাস্তি চেষ্টাত শিক্ষাৰ প্ৰকৃত আদৰ্শ ভ্ৰষ্ট হৈছিল। শিক্ষিত লোকৰ সংখ্যা কম হলেও শিক্ষাৰ বৰ সমাদৰ আছিল আৰু সমাজত পণ্ডিতসকলৰ প্ৰতিষ্ঠা আৰু সন্মান সকলোৰে ওপৰত আছিল। ৰাজকাৰ্য্য চলাবলৈ গোটেই দেশৰ পৰাই শিক্ষিত লোক সকলক বিচাৰ কৰি নিয়া হৈছিল আৰু সেই উদ্দেশ্যেই পৰীক্ষাৰ প্ৰথা প্ৰবৰ্ত্তন কৰিছিল।

 আয়তনত চীন এখন অতি বৃহৎ দেশ। ভৌগোলিক অৱস্থিতি আৰু প্ৰাকৃতিক পৰিবেশে ইয়াক বিভিন্ন খণ্ডত বিভক্ত কৰিছে। বিভিন্ন অঞ্চলবোৰত বেলেগ বেলেগ আঞ্চলিক কথিত ভাষা চলিছিল। কিন্তু গোটেই চীনতে একে লিপিৰ প্ৰচলন আছিল আৰু ই গোটেই চীনকে এখন দেশ বুলি ভবাত সহায় কৰিছিল। চীনৰ বিৰাট সাহিত্যৰাজি এই লিপিতেই লিখিত।

 চীন সাহিত্য যথেষ্ট চহকী। নীতিশাস্ত্ৰ, দৰ্শন, ইতিহাস,