পৃষ্ঠা:কনফুচিয়াছ.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
কনফুচিয়াছ

বিলাকে মূৰ ডাঙ্গি উঠিছিল, আৰু অনেক সময়ত প্ৰদেশবিলাকৰ মাজত অৰিয়াঅৰি, বিদ্বেষ আৰু শেহতগৈ স্বাধীন ৰাজ্যৰ দৰে যুদ্ধ-বিগ্ৰহো হৈছিল। ক্ষমতাৰ বেচি বিকেন্দ্ৰীকৰণ হোৱাৰ কাৰণেই চীনসাম্ৰাজ্যৰ অন্তৰ্গত প্ৰদেশবিলাকে সময়ত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি থকা আনুগত্য পাহৰি গৈছিল আৰু সকলো পিনৰ পৰাই স্বাধীন ৰাজ্য হিচাবেই চলিছিল। ইয়াৰ পৰিণামস্বৰূপে চীনত প্ৰগাঢ় জাতীয়তাবাদ বা একান্ত দেশপ্ৰেম গঢ়ি উঠা নাছিল আৰু চীনাসকলক একসূত্ৰত আৱদ্ধ কৰি জাতীয় প্ৰেমত উদ্বুদ্ধ কৰিব পৰা নাছিল। জাপানত থকা তীব্ৰ জাতীয়তাবাদৰ দৰে ভাবৰ চীনত অভাৱ আছিল। বোধহয় আয়তনৰ বিশালতা আৰু কেন্দ্ৰীয় চৰকাৰৰ অক্ষমতাৰ কাৰণেই প্ৰাচীন কালত সমগ্ৰ চীনদেশ একেখন দেশ আৰু সকলো চীনা একেদেশৰ নাগৰিক— এনে জাতীয়তাবোধ জাগিবলৈ সুচল নাছিল। এইকাৰণেই চীনসাম্ৰাজ্যত সকলো অঞ্চলতে একে শাসন নচলিছিল আৰু মূলত একেখন দেশ হলেও দেখাত অসংখ্য সৰু সৰু ৰাজ্যত বিভক্ত হৈ পৰিছিল। সম্ৰাটৰ দুৰ্ব্বলতাৰ সুযোগ লৈ এই ৰাজ্যবোৰে কেন্দ্ৰৰ অধীনতা দলিয়াই পেলাই স্বাধীন হৈ উঠিছিল। আকৌ সম্ৰাট পৰাক্ৰমী হলে বিদ্ৰোহী প্ৰদেশ বিলাকক কেন্দ্ৰৰ শাসনৰ তললৈ আনি পুনৰ একত্ৰীকৰণ কৰিছিল।

 প্ৰাচীন চীনৰ শিক্ষাপদ্ধতিৰ মূল উদ্দেশ্য আছিল জনগণৰ সেৱাত আত্মনিয়োগ কৰিব পৰা বিষয়াশ্ৰেণী গঢ়ি তোলা।