পৃষ্ঠা:কনফুচিয়াছ.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
কনফুচিয়াছ

 এই চৰকাৰী বিষয়াসকলক নিয়োগ কৰোতে আমাৰ চিভিল চাৰ্ভিচ পৰীক্ষাৰ দৰে কেইবাটাও পৰীক্ষা লৈ নিৰ্ব্বাচন কৰা হৈছিল। পৰীক্ষাৰ কৃতকাৰ্য্যতাৰ গুণানুসৰি জাতিবৰ্ণ নিৰ্ব্বিশেষে যোগ্য প্ৰাৰ্থীক বিষয়বাব দিয়া হৈছিল। চীনদেশৰ শাসনতন্ত্ৰৰ আদৰ্শ অনুযায়ী গুণী, ক্ষমতাশালী আৰু পাৰদৰ্শিতা থকা লোকসকলৰ পৰামৰ্শত সম্ৰাটে দেশৰ শাসনকাৰ্য্য চলোৱা নিয়ম আছিল। এতেকে পৰীক্ষাৰ মাজেদি যোগ্য লোকক বাছি লোৱা হৈছিল। অতি নিকৃষ্ট পৰিয়ালৰ লোকেও যোগ্যতা থাকিলে ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ বিষয়বৰীয়া হব পাৰিছিল। শাসনপদ্ধতি সম্পূৰ্ণ গণতান্ত্ৰিক আছিল।

 কেন্দ্ৰীয় চৰকাৰে দেশৰক্ষা, শান্তিৰক্ষা আৰু কৰ-কাটল আদায় কৰাৰ ভাৰ লৈছিল। এই কেইটাই কেন্দ্ৰীয় বিষয় আছিল আৰু বাকী বিষয়বোৰত প্ৰদেশবিলাকৰ স্বায়ত্বশাসন আছিল। আজিৰ যুগৰ আদৰ্শ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ চীনত কেইবাহাজাৰ বছৰৰ আগতেই প্ৰবৰ্ত্তিত হৈছিল। প্ৰদেশবিলাকৰ প্ৰশাসন ক্ষেত্ৰতো গাওঁবিলাকেই আছিল একোটা গোট আৰু প্ৰত্যেকখন গাৱেঁই আভ্যন্তৰীণ বিষয়ত স্বাৱলম্বী আছিল। গাৱঁৰ শাসনকাৰ্য্য গণতান্ত্ৰিক আছিল আৰু গাওঁবুঢ়া বা মুখীয়াল লোকে এই শাসনৰ ভাৰ লৈছিল।

 কেন্দ্ৰীয় চৰকাৰৰ হাতত শাসনক্ষমতা বেচি নথকাত প্ৰদেশ আৰু গাওঁবিলাক এক প্ৰকাৰ স্বাধীন হিচাবেই চলিছিল। কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা শিথিল হৈ অহাৰ লগে লগে প্ৰদেশ-