পৃষ্ঠা:কনফুচিয়াছ.djvu/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
কনফুচিয়াছ

লাগিব আৰু ৰাইজৰ হিতকামনাই তেওঁৰ মুখ্য উদ্দেশ্য হব লাগিব। সম্ৰাট প্ৰজাৰঞ্জক হব লাগিব। যদি সম্ৰাটে দেশৰ সুশাসন কৰিবলৈ অক্ষম হয়, যদি প্ৰজাৰ মঙ্গল চিন্তাত অৱহেলা কৰি নিজৰ ভোগবিলাসত গা ঢালি দিয়ে, তেন্তে সেই সম্ৰাট স্বৰ্গৰ পুত্ৰ হৈ নাথাকে। এনে অক্ষমতা আৰু কৰ্ত্তব্যবিমুখতাৰ বাবে সম্ৰাট ঈশ্বৰপ্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত হয় আৰু প্ৰজাই ঈশ্বৰৰ আদেশ উলঙ্ঘন কৰা বাবে তেনে সম্ৰাটৰ বিৰুদ্ধে বিদ্ৰোহ কৰি সেই সম্ৰাটক পদচ্যুত কৰি সেই বংশৰে বা আন বংশৰ উপযুক্ত লোকক সম্ৰাট পাতিবলৈ অধিকাৰ পায়। চীনৰ ইতিহাসত এইদৰে প্ৰজাৰ সমৰ্থনত বেলেগ বেলেগ বংশৰ লোক ক্ষমতাত প্ৰতিষ্ঠিত হোৱাৰ পটন্তৰ আছে। ৰাজবংশৰ লোকে পুৰুষানুক্ৰমে ৰাজপাট খাই থকা প্ৰথা আছিল আৰু সম্ৰাট যে স্বৰ্গৰ পুত্ৰ এই বিশ্বাসৰ ওপৰতেই এই নীতি প্ৰচলিত আছিল। সম্ৰাটৰ ক্ষমতা অসীম আছিল। সাম্ৰাজ্যৰ আইন, ন্যায়, প্ৰশাসন আদি সকলোৰে মূল উৎস আছিল সম্ৰাট। যেতিয়ালৈকে সম্ৰাটে প্ৰজাৰ সুখ, শান্তি, সমৃদ্ধিলৈ চকু ৰাখে তেতিয়ালৈকে তেওঁৰ ক্ষমতা আৰু প্ৰভাৱ অটুত থাকে।

 সাম্ৰাজ্যৰ অধিনায়ক হলেও প্ৰাচীন চীনৰ শাসনতন্ত্ৰত সম্ৰাট স্বেচ্ছাচাৰী একনায়কত্ববাদী নাছিল। সম্ৰাটৰ তলত পাত্ৰ-মন্ত্ৰী, পৰিষদ, সৈন্যবিভাগৰ বিষয়া, ন্যায়াধীশ, উন্নয়নমূলক কামৰ বিষয়া, আইন প্ৰণেতা আদি নানা বিভাগৰ ভাৰপ্ৰাপ্ত