পৃষ্ঠা:কনফুচিয়াছ.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
কনফুচিয়াছ

কল্যাণেই শাসকৰ ব্ৰত। দেশৰক্ষা আৰু আভ্যন্তৰীণ শান্তি ৰক্ষাৰ বাবেহে অকল সৈন্য ব্যৱহাৰ কৰা হৈছিল। চীনত সৈনিকৰ বৰ সমাদৰ নাছিল। সামাজিক ক্ষেত্ৰত পুৰণি চীনত সৈনিকৰ মৰ্যাদা নিম্নতম পৰ্য্যায়ৰহে আছিল। চীনৰ ইতিহাসত অৱশ্যে সৈনিকৰ অৰিহণা কম নহয়, আনকি অনেক ৰাজ্যত কোনো বংশৰ লোকৰ শাসন প্ৰতিষ্ঠা কৰোঁতে সুদক্ষ সেনানায়কৰ কাৰণেই তেওঁলোকে সেই সুচল পাইছিল। তথাপি জাপান বা পশ্চিমীয়া দেশবোৰত মানুহে সৈনিক হিচাবে যি সন্মান বা সমাদৰ পায় চীনত পুৰণিকালত সৈনিকে সমাজত সেই সন্মান নাপাইছিল। সৈনিক সকলক প্ৰাণ আৰু ধন সংহাৰী বুলি হেয় চকুৰেহে চাইছিল। সামাজিক মৰ্য্যাদা বা প্ৰতিষ্ঠাৰ ক্ৰম আছিল পণ্ডিত, কৃষক, বণিক, ৰাজবিষয়া, আৰু শেহতহে আছিল সৈনিক। চীনৰ সমাজ ব্যৱস্থাত সৈনিকতকৈ কৃষকৰহে বেচি সমাদৰ আছিল।

 চীনসাম্ৰাজ্যৰ প্ৰাচীন শাসনতন্ত্ৰৰ কেন্দ্ৰস্থানত আছিল সম্ৰাট। সম্ৰাটক “স্বৰ্গৰ পুত্ৰ”[১] বুলি অভিহিত কৰিছিল। স্বৰ্গৰ পুত্ৰ আখ্যাই ৰজাৰ দৈবিক অধিকাৰ (ডিভাইন ৰাইট্ অফ কিংচ্) বুজোৱা নাছিল। ইয়াৰ তাৎপৰ্য্য আছিল এই

যে ৰজাই স্বৰ্গৰ পুত্ৰ হিচাপে সকলো প্ৰজাকে সমভাবে চাব

  1. এই একে ঐতিহ্যৰ কাৰণেই আমাৰ আহোম ৰজাসকলক স্বৰ্গদেউ বোলা হৈছিল। চীনৰ শাসনব্যৱস্থাৰ লগত আহোমসকলৰ শাসনব্যৱস্থা বহুত মিল আছিল।