লোকে চেৰ পেলাইছিল। মানুহৰ মলমূত্ৰ পেলনীয়া আৰু ঘৃণিত বস্তু বুলি নাভাবি তেওঁলোকে তাক খেতিকৰা মাটিৰ সাৰ যোগানত ব্যৱহাৰ কৰিছিল। উদ্ভিদৰ প্ৰয়োজনীয় সাৰ এই মলমূত্ৰত খুব বেচি পৰিমাণে থাকে আৰু এই সত্য চীনাসকলে অতি প্ৰাচীনকালতেই উপলব্ধি কৰি এই পেলনীয়া বিষ্ঠাকো উৎপাদনৰ কামত খটাইছিল। একেডৰা মাটিতে তেওঁলোকে কেইবাটাও শস্য উৎপাদন কৰিছিল আৰু যাতে এনে ওপৰা-উপৰিকৈ খেতি কৰা বাবে মাটিৰ উৎপাদিকা আৰু উৰ্ব্বৰা শক্তি কমি নাযায় তাৰ বাবে শস্য বাছি খেতি কৰিছিল। মুঠতে চীনাসকলে সেই যুগতেই কৃষি বিষয়ত বৰ্ত্তমানৰ বিজ্ঞানসম্মত প্ৰণালী কামত খটুৱাইছিল।
প্ৰশাসন ক্ষেত্ৰতো অতি প্ৰাচীনকালৰ পৰাই চীন প্ৰসিদ্ধ। চীনৰ ইতিহাসত কেইবা শতাব্দী ধৰি প্ৰচলিত বিভিন্ন প্ৰশাসনীয় অনুস্থানৰ বিশদ বিৱৰণ পোৱা যায়। পৃথিবীৰ বোধহয় আন কোনো জাতিৰে এনে নিৰবচ্ছিন্ন প্ৰশাসনৰ ইতিহাস পোৱা নাযায়। কোন শাসকৰ ৰাজত্বত কেনে ধৰণৰ শাসন চলিছিল, কি কি নতুন সংস্কাৰ প্ৰবৰ্ত্তিত হৈছিল, সেইবিলাকৰ ফলাফল বা পৰিণাম কেনে হৈছিল ইত্যাদি বিৱৰণ চীনৰ ইতিহাসত পোৱা যায়। শাসক প্ৰজাৰ বাবেহে কিন্তু প্ৰজা শাসকৰ বাবে নহয়— এয়ে আছিল চীনৰ শাসন পদ্ধতিৰ মূল নীতি। জনগণৰ সেৱা আৰু সমৃদ্ধি বৃদ্ধি কৰাই চীনৰ ৰাজনৈতিক জীৱনৰ আদৰ্শ আছিল। সমগ্ৰ জাতিৰ