চীনৰ প্ৰাচীন সভ্যতাৰ আন এটা মন কৰিবলগীয়া কথা হৈছে যে কোনো যুগতে চীনা সভ্যতা-সংস্কৃতি ধ্বংসমুখী হোৱা নাই। মাজে সময়ে সাময়িক বিপৰ্য্যয়ত পৰিলেও পুনৰ গা টঙ্গাই ই ক্ৰমশঃ আগবাঢ়ি গৈ আছে আৰু ইয়াৰ সুতি নিৰবচ্ছিন্ন প্ৰবাহত চলি আছে। পৃথিৱীৰ বুকুত কেইবাটাও প্ৰাচীন সভ্যতাই জাকত জিলিকা হৈ ওলাইছিল কিন্তু সেই গৌৰৱময় প্ৰাচীন সভ্যতা আজি ভূগৰ্ভত বিলীন হৈ গৈছে। সেই সভ্যতাৰ অৱদান, অস্তিত্ব আৰু প্ৰামান্যতা মাটি খান্দি গবেষণা কৰিহে নিৰ্ণয় কৰিব লগা হৈছে। কিন্তু চীনৰ সভ্যতাৰ প্ৰবাহ কোনো দিনেই ৰুদ্ধ হোৱা নাই আৰু ই উদ্দীপ্ত জীৱন্ত শক্তি হিচাবেই চীনৰ জনসাধাৰণক প্ৰেৰণা যোগাই আহিছে। জাতীয় জীৱনৰ বহুমুখী সৃষ্টি-শক্তি নতুন নতুন ক্ষেত্ৰত প্ৰসাৰিত হৈছে যদিও, কোনো যুগতে চীনে পুৰণি আচাৰ-ব্যৱহাৰ ৰীতি-নীতি হঠাতে ত্যাগ কৰি আকৰ্ষণীয় হলেও নতুনক আঁকোৱালি লোৱা নাই। এনে ৰক্ষণশীল মনোবৃত্তিৰ কাৰণেই চীনৰ সাংস্কৃতিক পৰিবৰ্তনৰ গতি অতি মন্থৰ আছিল।
ব্যৱহাৰিক জীৱনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ কাৰণে চীনাসকলে অৰ্থনৈতিক ব্যৱস্থাত মন দিছিল। কৃষিয়েই আছিল তেওঁলোকৰ অৰ্থনৈতিক জীৱনৰ মেৰুদণ্ড। চীনৰ সভ্যতাই মূলতঃ কৃষি-সভ্যতা। কৃষিত তেওঁলোকে বেচ দক্ষতা অৰ্জ্জন কৰিছিল। মাটিৰ উৰ্ব্বৰতা সংৰক্ষণ ব্যৱস্থাত বৰ্ত্তমান নিয়োজিত পশ্চিমীয়া বিজ্ঞান-সন্মত পদ্ধতিকো তেওঁ-