চীনাসকলে ব্যক্তিতকৈ সমাজক বেচি প্ৰাধান্য দিয়ে। পাৰিবাৰিক জীৱনতো ব্যক্তিগত পৰিয়াল জনতকৈ সামূহিক ঘৰখনৰহে গুৰুত্ব বেচি। গোটেই পৰিয়ালটোৰ মঙ্গল বা সুখৰ কাৰণে ব্যক্তিগত সুখ বা স্বাৰ্থক বিসৰ্জ্জন দিয়াই আছিল চীনৰ গৃহস্থিৰ আদৰ্শ। ৰাষ্ট্ৰ পৰিয়ালৰ বৃহৎ সংস্কৰণ হিচাবে লোৱা হৈছিল। ব্যক্তিবিশেষৰ ইচ্ছাতকৈ সামূহিক ইচ্ছাৰহে প্ৰাধান্য বেচি আছিল। শিক্ষা, সংস্কৃতি সকলোৰে মূলত সমাজ কল্যাণ আৰু সমাজ-সেৱাই আদৰ্শ আছিল। সমাজৰ শৃঙ্খলা ৰক্ষণ আৰু শ্ৰীবৃদ্ধি আনয়নত ন্যায়পৰায়ণতা একান্ত প্ৰয়োজনীয় আৰু এই উদ্দেশ্য সাধনৰ সহায়ক হিচাবেহে নৈতিক শিক্ষাৰ সমাদৰ আৰু প্ৰয়োজন আছিল।
ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীবিলাকলৈ দৃষ্টি
ৰাখিলেও চীনাসকল সুক্ষ্ম অনুভূতিৰ উৎকৰ্ষণতো পিচ পৰা
নাছিল। সাহিত্য, কবিতা, সুকুমাৰ কলা, সঙ্গীত আদি
বিষয়ত তেওঁলোকে প্ৰাচীন কালতে যথেষ্ট আগ বাঢ়িছিল।
কোনো কোনো ক্ষেত্ৰত অতীন্দ্ৰিয় অনুভূতিৰো যথেষ্ট বিকাশ
পাইছিল। কিন্তু ভাৰতবৰ্ষ, গ্ৰীচ, ঈজিপ্ত আদি দেশৰ দৰে চীনৰ
সভ্যতা আৰু সংস্কৃতিত প্ৰগাঢ় ধৰ্ম্মভাৱৰ প্ৰশান্ত প্ৰভাৱ
পৰিলক্ষিত নহয়। পাৰলৌকিক সদ্গতিতকৈ ইহজগতত সুখ
শান্তিৰে থাকিবলৈহে তেওঁলোকে বেচি চিন্তা কৰিছিল। এই
উদ্দেশ্যেৰেই বাণিজ্য, ব্যবসায়, সামাজিক অনুস্থান, শাসন-প্ৰণালী
আদিত বেচি মনোনিবেশ কৰিছিল।