পৃষ্ঠা:কনফুচিয়াছ.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
কনফুচিয়াছ

জনসাধাৰণৰ মাজত নৈতিক শিক্ষা আৰু ব্যৱহাৰিক শিক্ষাইহে বেচি সমাদৰ পাইছিল।

 জনগণৰ সমৃদ্ধি বৃদ্ধি কৰি জীবনৰ সুখ স্বাচ্ছন্দ্যত সহায় কৰাটোৱেই আছিল চীনৰ ৰাজনৈতিক অনুস্থানসমূহৰ মুখ্য উদ্দেশ্য। জাতিৰ সম্পদ-সমৃদ্ধি বৃদ্ধি কৰাৰ ওপৰতেই প্ৰশাসনৰ কৃতকাৰ্য্যতা নিৰ্ভৰ কৰিছিল। দেশৰ শ্ৰীবৃদ্ধিৰ পৰিমাণেই সুশাসনৰ মাপকাঠি আছিল। দেশৰ অৱস্থা বেয়া হলেই শাসকে জনগণৰ আস্থা হেৰুৱাইছিল আৰু অশান্তিৰ কাৰণে ৰাজ্যত বিপ্লৱ আদিৰ সূচনা হৈছিল। ৰজা বা শাসকক ঈশ্বৰৰ প্ৰতিনিধি বুলি চীনাসকলে মানিছিল আৰু দেশত কুশাসন জনিত অশান্তি বা দুৰ্য্যোগ উপস্থিত হলে সেই ৰজাই ঈশ্বৰৰ আদেশ অবমাননা কৰা বুলি ধৰিছিল আৰু তেনে ৰজা বা শাসকক পদচ্যুত কৰা কৰ্ত্তব্য বুলি বিবেচনা কৰিছিল।

 চীনাসকলৰ ধৰ্ম্ম বাস্তব-অভিমুখী। নৈতিকতাৰ পিনৰ পৰাও ঈশ্বৰৰ প্ৰতি কৰ্ত্তব্যতকৈ মানুহৰ প্ৰতি কৰ্ত্তব্যপালনতহে অধিক গুৰুত্ব দিয়া হৈছিল। ধৰ্ম্মানুস্থানবিলাকৰো অন্তৰালত চীনাসকলৰ ব্যৱহাৰিক মনোবৃত্তি প্ৰকট আছিল। ইহজীৱনৰ সাফল্য, স্বাস্থ্য, সন্তান আদিৰ কামনা কৰিহে ধৰ্ম্মকৃত্য কৰিছিল। ভগবৎ-প্ৰেমত মজি পাৰলৌকিক মোক্ষ কামনাত আত্মনিবেদনমূলক ধৰ্ম্মানুস্থানৰ বৰ সমাদৰ নাছিল। চীনাসকলৰ মতে এই জগত আৰু জীৱন মায়াময় বা অলীক নহয়; সত্য আৰু বাস্তৱ জীৱনৰ সুখ-সম্পদৰ বাবেহে ধৰ্ম্মৰ প্ৰয়োজন।