(২)
সাংস্কৃতিক বৈশিষ্ট্য
চীনৰ বৰ্ত্তমান জাগৰণ আৰু ক্ৰমোন্নতি অতীত চীনৰ পটভূমিত হে ভালকৈ উপলব্ধি কৰিব পাৰি। নতুন চীন পুৰণি চীনৰ বুকুতহে বিকশিত হৈছে আৰু ইয়াৰ পৰিবৰ্ত্তন চকুত লগা হলেও পুৰণি অৱস্থাৰ পৰা সম্পূৰ্ণ পৃথক নহয়। চীনৰ সভ্যতা আৰু জীৱনৰ গতি আজিৰ যুগে নিয়ন্ত্ৰণ কৰা নাই। ই অতীতৰ লগত নিৰবচ্ছিন্নভাবে মেৰ খাই আছে আৰু নতুন পৰিস্থিতিত নতুন বেশত ৰূপায়িত হৈছে।
চীনা সংস্কৃতিৰ প্ৰধান লক্ষণ জাগতিক দৃষ্টিভঙ্গীৰ প্ৰাধান্য বুলিয়েই কব পাৰি। ব্যৱহাৰিক জগতৰ প্ৰতি অধিক গুৰুত্ব চীনা চিন্তাধাৰাৰ এটা বিশেষ লক্ষণ। পাৰলৌকিক চিন্তাত প্ৰাধান্য দি ইহজগতৰ অলীকতা প্ৰতিপাদনত চীনাসকলৰ ঐতিহ্যই আগ্ৰহৰ আতিশয্য নেদেখুৱায়। ইহজীৱনত কেনেকৈ প্ৰকৃত সুখ শান্তি পাব পাৰি, জীৱন কেনেকৈ সম্পূৰ্ণাঙ্গ কৰিব পাৰি, তাৰ আদৰ্শ আৰু উপায় উদ্ভাৱনতহে চীনা চিন্তাধাৰাই অধিক গুৰুত্ব আৰোপ কৰিছিল। আধ্যাত্মিক চিন্তা বা শিক্ষা এই জাগতিক দৃষ্টিভঙ্গীৰ পৰিবেশক হিচাপেহে লোৱা হৈছিল। অৱশ্যে দৰ্শনৰ ক্ষেত্ৰত লাওৎছে আৰু তেওঁৰ শিষ্যসকলে অতীন্দ্ৰিয়বাদ, অধ্যাত্মবাদ আদি প্ৰচলন কৰিছিল। কিন্তু ইয়াৰ প্ৰভাৱ শিক্ষিতসকলৰ মাজতহে আৱদ্ধ আছিল।