অঞ্চলবোৰে মধ্যচীনৰ সভ্যতা আৰু সংস্কৃতি গ্ৰহণ কৰিছে। জাপান, কোৰিয়া আদি দেশবোৰেও চীনৰ ধৰ্ম্ম, কলা, সাহিত্য আৰু শাসন-পদ্ধতি গ্ৰহণ কৰিছিল। চীনদেশৰ লোকসকলে, বিশেষকৈ শিক্ষিতসকলে, নিজৰ বৈশিষ্ট্যপূৰ্ণ প্ৰাচীন সভ্যতাৰ কাৰণে গৌৰৱ অনুভব কৰি বিদেশীসকলক অলপ হেয় চকুৰে চাইছিল। বহুদিনলৈকে চীনাসকলে বাহিৰৰ পৰা আমদানী হোৱা আচাৰ, ব্যৱহাৰ, শিক্ষা আদি গ্ৰহণ কৰা নাছিল। জাপানীসকলে সহজে পশ্চিমীয়া শিক্ষা-দীক্ষা গ্ৰহণ কৰি নিজকে খাপ খুৱাই লব পাৰিছিল কিন্তু চীনাসকলে অতীতৰ গৌৰৱময় সভ্যতাৰ লগত খাপ নোখোৱা পশ্চিমীয়া সভ্যতা গ্ৰহণ কৰিবলৈ টান পাইছিল আৰু সৰ্ব্বসাধাৰণে এই অচিনাকী সভ্যতাক ঘিণহে কৰিছিল। সেইকাৰণে বহুত দিনলৈকে চীনাসকলে পশ্চিমীয়া শিক্ষা, আচাৰ, ব্যৱহাৰ গ্ৰহণ কৰা নাছিল আৰু এই কাৰণেই বৰ্ত্তমান যুগৰ যান্ত্ৰিক সভ্যতাৰ উন্নতিৰ মাপকাঠিত চীন পিছ পৰি থাকিছিল। জাপানীসকলে পশ্চিমীয়া সভ্যতা গ্ৰহণ কৰাত টান নাপাইছিল কাৰণ তেওঁলোকে আগেও চীন সভ্যতা সংস্কৃতিহে গ্ৰহণ কৰিছিল। নিজৰ সুকীয়া বৈশিষ্ট্য আৰু গৌৰৱ নথকাত জাপানে অতি সোনকালে নতুন জাগৰণত গা ঢালি দিব পাৰিছিল, কিন্তু চীনে গৌৰৱময় ঐতিহ্যৰ খোপনি সহজে এৰিব নোৱাৰাত নৱজাগৰণৰ ধাৰাই অতি মন্থৰ গতিতহে জনসাধাৰণক আকৃষ্ট কৰিব পাৰিছিল।
পৃষ্ঠা:কনফুচিয়াছ.djvu/১৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭
কনফুচিয়াছ