পৃষ্ঠা:কনফুচিয়াছ.djvu/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কনফুচিয়াছ

সাম্ৰাজ্য বিস্তাৰ কালত গ্ৰীচৰ প্ৰভাব চীনদেশত অলপ অচৰপ পৰিছিল। আৰব সকলেও কেণ্টন আৰু দক্ষিণৰ বন্দৰবিলাকলৈ বেহা-বেপাৰৰ সামগ্ৰী অনা-নিয়া কৰিছিল, কিন্তু চীনৰ সাংস্কৃতিক জীৱনত তেওঁলোকে কোনো প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল।

 বৌদ্ধধৰ্মৰ জৰিয়তে ভাৰতবৰ্ষৰ পৰা ধৰ্ম্ম, কলা, দৰ্শন চীনদেশত প্ৰবেশ কৰে আৰু বৌদ্ধধৰ্মৰ বাহিৰে আন কোনো বিদেশী প্ৰভাৱে চীনৰ জাতীয় জীৱনত স্থায়ী সাঁচ বহুৱাব পৰা নাই। পৃথিবীৰ বিভিন্ন জাতিৰ সভ্যতাৰ ক্ৰমবিকাশত আন আন দেশৰ বা সভ্যতাৰ সংমিশ্ৰণ বা সমন্বয় হৈছে। আনকি ভাৰতবৰ্ষৰ সভ্যতা আৰু সংস্কৃতিতো আন আন সভ্যতাৰ প্ৰভাব আৰু অৱদান যথেষ্ট আছে। কিন্তু চীনদেশৰ সভ্যতা আৰু সংস্কৃতিত একমাত্ৰ বৌদ্ধধৰ্ম্মৰ বাহিৰে আন কোনো বিশেষ বাহিৰা প্ৰভাৱ পৰা নাই। ই একপ্ৰকাৰ কাৰো সহায় নোলোৱাকৈ বা কাবো প্ৰভাৱত নপৰাকৈ এটা মহান জাতিৰ স্বতঃবিকশিত সভ্যতা। চীনাসভ্যতা এটা মহান জাতিৰ চিন্তা আৰু কৰ্ম্মশক্তিৰ উদ্ভাৱন। চীনৰ জাতীয় জীৱনৰ সংস্কৃতি আৰু ভাবধাৰাত বিদেশী প্ৰভাৱ বেচি নপৰাৰ কাৰণে ই বেচি ৰক্ষণশীল হৈ পৰিছিল আৰু এই কাৰণেই প্ৰাচীন চীনত পৰিবৰ্তনৰ গতি আছিল বৰ মন্থৰ।

 জগতৰ অন্যান্য সভ্যতাৰ ধাৰাৰ লগত ঘনিষ্ঠ সম্পৰ্ক নথকা বাবে চীনাসকলে গৌৰৱ অনুভৱ কৰে। চীনৰ উপকণ্ঠত থকা