পৃষ্ঠা:কনফুচিয়াছ.djvu/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কনফুচিয়াছ

পাৰলৈকে যাতায়াত সংযোগ স্থাপিত হ’ল। এই পথেদি চীনত ভাৰতবৰ্ষৰ পৰা বৌদ্ধধৰ্ম্ম সোমাল। এই পথেদি ইউৰোপৰ ভ্ৰমণকাৰীৰ দল, ভেনিচৰ মাৰ্কপলো আৰু এই পথেদিয়েই ত্ৰয়োদশ আৰু চতুৰ্দ্দশ শতাব্দীত কেথলিক খৃষ্টিয়ান পাদুৰীসকল চীনদেশ পাইছিলগৈ। গ্ৰীক, নেষ্টৰিয়ান, খৃষ্টিয়ান আদি কৰি পশ্চিমীয়া সভ্যতাৰ প্ৰভাৱ এই পথেদি চীনদেশত সোমাইছিল। এই পথেদি যদিও পশ্চিমীয়া প্ৰভাৱ সোমাবলৈ আৰম্ভ কৰিছিল, সি অতি সামান্য আছিল। চীনৰ লোক আৰু প্ৰাকৃতিক আৱেষ্টনীয়ে এই পশ্চিমীয়া সোঁতৰ অবাধ গতিৰ বিৰুদ্ধে বাধা দিয়াত সহযোগ কৰিছিল। মধ্য এছিয়াৰ যুজাৰু অঘৰীবোৰৰ প্ৰাদুৰ্ভাবৰ বাবে বণিক আৰু ভ্ৰমণকাৰী সকলৰ কাৰণে এই পথ ভয়ানক বিপদসঙ্কুল আৰু একপ্ৰকাৰ অসম্ভবেই আছিল। মাজে সময়ে চীনৰ দুই এজন ৰজাই এই দুৰ্দান্ত জনজাতি সকলক বশ্যতালৈ আনিছিল আৰু তেতিয়া সাময়িক ভাবে বেপাৰ বাণিজ্য চলিছিল। তথাপিও এই পথ কেতিয়াও নিৰাপদ নাছিল। মৰুপ্ৰদেশ আৰু পৰ্ব্বত পাহাৰ ভাঙ্গি অতিক্ৰম কৰিব লগা হোৱাত এই সুদীৰ্ঘ পথ জনপ্ৰিয় নাছিল।

 জলপথেদিও পশ্চিমৰ লগত চীনৰ বিশেষ সংযোগ নাছিল। অতীতত চীনদেশে বাহিৰৰ পৰা খুব কম বস্তুহে পাইছিল। মধ্য-এছিয়া আৰু টাইগ্ৰীছ, ইউফ্ৰেটিছ উপত্যকাৰ লগত অলপ অচৰপ ভাবৰ আদান প্ৰদান হৈছিল আৰু আলেকজেণ্ডাৰৰ