জাপানৰো বেপাৰৰ সামগ্ৰী বিশেষ নাছিল। দক্ষিণ আৰু পশ্চিম প্ৰান্তত থকা ভাৰতবৰ্ষৰ লগত সাময়িক অহাযোৱা থাকিলেও ৰীতিমত বেহা-বেপাৰৰ সুচল নাছিল। চীনদেশৰ ইতিহাসৰ আৰম্ভণিৰ বহুকাল পিচতহে দক্ষিণ অঞ্চলৰ ভাবধাৰা আৰু সংস্কৃতি চীনাসকলৰ মাজত বিৰিঙিবৰ সুবিধা পাইছিল। আজিৰ যুগত অৱশ্যে প্ৰশান্ত মহাসাগৰে নতুন নতুন বাণিজ্য-পথ মোকলাই দিছে আৰু চীনদেশেও অতীতৰ দৰে মাটিতে খামুচি নাথাকি বাণিজ্য প্ৰসাৰৰ সুযোগ লৈছে আৰু দেশৰ মাটিতে নানা উদ্যোগ আৰম্ভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই শতাব্দীৰ আৰম্ভণৰ আগলৈকে চীনে মহাসাগৰৰ বাধা অতিক্ৰম কৰি বাণিজ্যত আগবাঢ়িব পৰা নাছিল, বৰং সমুদ্ৰপথে চীনদেশলৈ নতুন সভ্যতা আৰু আক্ৰমণকাৰী শোষকদলহে আমদানী কৰিছিল।
পশ্চিম, উত্তৰ-পশ্চিম আৰু দক্ষিণ-পশ্চিম প্ৰান্তত থকা অতি উচ্চ পৰ্ব্বতমালাই চীনদেশক পৃথিবীৰ বাকী অঞ্চলৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছিল। কিন্তু এই সীমান্তবৰ্ত্তী অঞ্চলৰ মালভূমিত থকা অঘৰী জনজাতিৰ হেচা চীনৰ সাৰুৱা উপত্যকাত প্ৰবলভাবে পৰিছিল আৰু ইয়াৰ প্ৰভাৱ চীনৰ ইতিহাসতো যথেষ্ট পৰিছিল। এনে ভৌগোলিক পৰিস্থিতিত অৱস্থিত চীন প্ৰায় অকলশৰীয়া আছিল। পিচত লাহে লাহে পশ্চিম, উত্তৰ-পশ্চিম আৰু দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা স্থলপথ ওলাল আৰু এই পথেদি তুৰ্কীস্থান, পাৰস্য, মধ্য-এছিয়া আনকি ভূমধ্যসাগৰৰ