উদ্যোগীকৰণত চীনক যথেষ্ট সহায় কৰিছে আৰু সকাহ দিছে। কেচামাল আৰু খাদ্যসামগ্ৰীও চীনত যথেষ্ট উৎপন্ন হয় আৰু সেয়েহে পৃথিৱীৰ তথাকথিত সভ্যজাতিসকলৰ লোলুপ দৃষ্টিত পৰি প্ৰচুৰ প্ৰাকৃতিক সম্পদৰাজিৰ মাজতো সিদিনালৈকে চীনদেশ শ্ৰীহীন অবস্থাত পৰি থাকিব লগা হৈছিল। বৰ্ত্তমান জাগৰণ-মুখৰ চীনে আত্ম-সচেতন হৈ দেশৰ শ্ৰীবৃদ্ধিৰ কাৰণে জনশক্তি আৰু মেধা উৎপাদনৰ কামত আত্ম নিয়োগ কৰিছে। লোকচীন চৰকাৰে চীন মহাদেশৰ ৰূপ ইতিমধ্যেই বদলি কৰি পেলাবলৈ সক্ষম হৈছে। প্ৰকৃতি-প্ৰদত্ত সম্পদৰাজি জনগণৰ মঙ্গলত নিয়োজিত কৰিবলৈ প্ৰচেষ্টা চলিছে।
প্ৰকৃতিৰ এনে উদাৰ দানৰ পৰিবেশত প্ৰকৃত চীন এটা কৰ্ম্মঠ জাতিৰ বাসস্থান হৈছিল আৰু চীনাসকল জাগতিক দৃষ্টিসম্পন্ন আছিল। চীনাসকল মুখ্যতঃ কামৰ লোক। তেওঁলোকৰ ভিতৰত ভাল শাসক, বণিক, বাঢ়ৈ, খেতিয়ক আদি যথেষ্ট আছিল। তেওঁলোকৰ মেধা, সংস্কৃতি, ধৰ্ম্ম সকলোতে ব্যৱহাৰিক দৃষ্টিভঙ্গী নিহিত আছে। চীনৰ প্ৰাকৃতিক সীমা বা আৱেষ্টনী আৰু ভৌগোলিক অৱস্থিতি তাৰ অধিবাসী সকলৰ জাতীয় চৰিত্ৰ গঠনত আৰু ব্যৱহাৰ-ধৰ্ম্মী হোৱাত প্ৰভাৱ বিস্তাৰ কৰিছে। পূবে অৱস্থিত প্ৰশান্ত মহাসাগৰে অতীত কালত চীনক বেহা-বেপাৰৰ প্ৰেৰণা যোগাওক চাৰি বাধাৰহে সৃষ্টি কৰিছিল। প্ৰশান্ত মহাসাগৰৰ দাঁতি কাষৰীয়া জাতিবোৰৰ মাজত বেহা-বেপাৰৰ বৰ প্ৰচলন নাছিল। আনকি অতীতত