পৃষ্ঠা:কথা-গীতা.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
পঞ্চম অধ্যায়।

ঈশ্বৰ সৰ্ব্বসুহৃদ সবাৰে অন্তৰ্যামি মোক জানি মোৰ প্ৰসাদে মোক্ষ পাৱে। যি ভগৱন্তে ভেদ শঙ্কা দূৰ কৰি কৰ্ম্মসন্ন্যাসৰ ক্ৰম কহিলা, হেন সৰ্ব্বজ্ঞ গুৰুক তুতি কৰোঁ।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং কবিৰত্নকৃতায়াং
সন্যাসযোগোনাম পঞ্চমোহধ্যায়ঃ॥৫॥

 হে সাধুসব, ই গীতাৰ সাৰ সমুচ্চয় কথা, নিজ অৰ্থৰ তাৎপৰ্য্য শ্ৰীকৃষ্ণৰ আজ্ঞায়ে যথামতি নিবন্ধি। আক মহাফল জানি শ্ৰবণ কীৰ্ত্তন কৰা। যদি সংসাৰ সাগৰ তৰিতে ইছা কৰা, প্ৰথমে ডাকি হৰিবোল হৰি।

তাবদৰ্পিতকৰ্ম্মাণি কুৰ্য্যাদযত্নেন মানবাঃ।
যাবদ্‌জ্ঞানোদয়ঃ সম্যগিত্যুক্তোযেন তং ভজে॥