পৃষ্ঠা:কথা-গীতা.djvu/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
কথা-গীতা।
 

অগ্নিত সকল কৰ্ম্মকে লয় কৰে, আক জ্ঞান যজ্ঞ বুলি। নৈষ্ঠিক ব্ৰহ্মচাৰীসবে সংযম অগ্নিত ইন্দ্ৰিয়ক লয় কৰে। গৃহস্থসবে ভোগত অনাসক্ত হুয়া ইন্দ্ৰিয় অগ্নিত বিষয়ক হোম কৰে। জ্ঞাননিষ্ঠসবে দশ ইন্দ্ৰিয় দশ প্ৰাণৰ কৰ্ম্মক আত্মাত মন নিয়মি অগ্নিত হোম আচৰে। তাতে শ্ৰোত্ৰৰ শ্ৰবণ, চক্ষুৰ দৰ্শন, জিহ্বাৰ আস্বাদন, ত্বচৰ স্পৰ্শ, ঘ্ৰাণৰ গন্ধ, এই জ্ঞানেন্দ্ৰিয়ৰ কৰ্ম্ম | বাগিন্দ্ৰিয়ৰ বচন, হস্তৰ আদান, চৰণৰ গতি, পায়ুপস্থৰ মলজলত্যাগ, এই কৰ্ম্মেন্দ্ৰিয়ৰ কৰ্ম্ম। পানৰ উৰ্দ্ধ গমন, অপানৰ অধোনয়ন, সমানৰ অন্নপানৰ একত্ৰিকৰণ, উদানৰ উৰ্দ্ধনয়ন, ব্যানৰ আকুঞ্চন, পাদপ্ৰসাৰণাদি কৰ্ম্ম। উদ্গাৰত নাগ, উম্মীলনত কূৰ্ম্ম, হাঞ্চিত কৃকৰ, হামিত দেবদত্ত, মৃতককো নেড়ে সৰ্ব্বব্যাপী ধনঞ্জয় বায়ু। কতোসবে সুবৰ্ণাদি দানকে যজ্ঞ বুলি আচৰে। কোনোসবে চান্দ্ৰায়ণাদি তপকে যজ্ঞ বুলি কৰে। চিত্তবৃত্তি নিৰোধকে কতোসবে যজ্ঞ বোলে। কতোসবে বেদপাঠ বেদাৰ্থ জ্ঞানকে যজ্ঞ বোলে। কতোসবে পূৰক কালত অধোবৃত্তি, অপানত উৰ্দ্ধ বৃত্তি প্ৰাণক হোম কৰে। কুম্ভক- কালত অপানৰ গতি নিৰোধ কৰি থাকে। ৰেচক কালত অপানক প্ৰাণত হোম কৰে। এমনে পূৰক কুম্ভক ৰেচককে প্ৰাণায়াম যজ্ঞ বোলে। অপৰসবে আহাৰ সঙ্কোচকে অভ্যাস কৰিতে আপুনি ইন্দ্ৰিয় জীৰ্ণ হৈলে, ইন্দ্ৰিয়বৃত্তি লয় হোমক ভাবনা কৰে, এমন প্ৰকাৰো বুলি। কতোসবে অজপা মন্ত্ৰৰ অভ্যাসকে যজ্ঞ বোলে। কতোসবে উদৰৰ দুই ভাগ অন্নে