যাতো কাক বুলি কৰ্ম্ম কৰণ, কাক বুলি অকৰণ, আতে বিবেকী সবো মোহ হুয়াছে। সেই কৰ্ম্ম তুমাৰ আগত কহোঁ, যাক আচৰি সংসাৰত মুক্ত হৈবা। যদি বোলা লোক প্ৰসিদ্ধ দেহাদিৰ ব্যাপাৰকে কৰ্ম্ম বুলি, তাৰ অব্যাপাৰকে অকৰ্ম্ম বুলি, কেনে বোলা বিবেকীসবো আত মোহ হুয়াছে, তাত শুনা। বিহিত ব্যাপাৰ কৰ্ম্মৰো বুঝিবে আছে, অব্যাপাৰ অকৰ্ম্মৰো বুঝিবে আছে, নিষিদ্ধ ব্যাপাৰ বিকৰ্ম্মৰো বুঝিবে আছে, যাতো কৰ্ম্ম অকৰ্ম্ম বিকৰ্ম্মৰ তত্ত্ব দুৰ্ব্বোধ। তাক সাবধান মনে শুনা। পৰমেশ্বৰ আৰাধনাৰ্থ কৰ্ম্মত জ্ঞান সাধন পদে বন্ধ নহে বুলি অকম্ম যি দেখে, বিহিত অকৰণে অকৰ্ম্মতো দোষ হেতু বন্ধ হয় জানি কৰ্ম্ম যি দেখে, সি কৰ্ম্মকৰন্তা মনুষ্যৰ মধ্যত বুদ্ধিমন্ত। যাতো সেই কৰ্ম্মে জ্ঞান লভিবা। এতেকে তাক যোগী সৰ্ব্ব কৰ্ম্ম কৰ্ত্তা বুলি। ঈশ্বৰাৰ্পিত কৰ্ম্মত সকল কৰ্ম্মফল অন্তৰ্ভাব হুয়াছে। আৰুৰুক্ষ পুৰুষৰ তৃতীয় অধ্যায়ে যি কৰ্ম্মযোগ কহিছো, তাৰে প্ৰপঞ্চ বুঝিবা। যেখন আৰু- ৰুক্ষৰে কৰ্ম্ম বন্ধ নহে, তবে আৰূঢ় কৈত বন্ধ হয়। তাত এমন অৰ্থ আৰূঢ় পুৰুষে দেহেন্দ্ৰিয়াদি ব্যাপাৰ কৰ্ম্মত প্ৰবৰ্ত্তি- তেও আত্মা দেহাদি ব্যতিৰেক অনুভবে স্বাভাবিক কৰ্ম্মকো অকৰ্ম্ম দেখে। তেমনে অজ্ঞানত দুষ্খ বুদ্ধি, কৰ্ম্মত্যাগত কপটাচাৰ পদে কৰ্ম্ম যি দেখে, তাক মনুষ্যৰ মধ্যত পণ্ডিত বুলি। সি যদৃচ্ছালাভ আহাৰাদি কৰ্ম্ম কৰিতেও অকৰ্ত্তাত্মজ্ঞানে সমাধিতে থাকে। এতেকে জ্ঞানী স্বভাব প্ৰাপ্ত কলঞ্জ ভক্ষণা-
পৃষ্ঠা:কথা-গীতা.djvu/৮৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
কথা-গীতা।