বুঝিবা। স্মৰণ মাত্ৰকে বিষয়ে ৰাগদ্বেষ জন্মায়। অসাবধান পুৰুষক গম্ভীৰ স্ৰোত হেন অনৰ্থতো প্ৰৱত্তাৱে; শাস্ত্ৰে পুনু তাত পূৰ্বেব ৰাগদ্বেষ প্ৰতিবন্ধক পৰমেশ্বৰ ভজনাদিত প্ৰৱত্তাৱে, যেন গম্ভীৰ স্ৰোতঃপাতৰ পূৰ্ব্বত নৌকাক আশ্ৰয় কৰিলে অনৰ্থ নাপাই। এমনে কহিলা পশুৰ হেন স্বাভাবিক বৃত্তি এড়ি পুৰুষে ধৰ্ম্ম কৰিব, তেবে স্বধৰ্ম্ম যুদ্ধাদি দুষ্খপদে কৰণ নজাই। পৰধৰ্ম্ম অহিংসাদি সুকৰ মানি প্ৰৱৰ্ত্তিবে ইছা দেখি বোলন্ত, হে অৰ্জ্জুন, সব্বাঙ্গ সম্পন্ন পৰধম্মত কৰি অঙ্গহীন স্বধৰ্ম্মকো শ্ৰেষ্ঠ জানিবা; যাতো স্বধৰ্ম্ম যুদ্ধত মঁৰিয়ো স্বৰ্গ পাই, পৰধৰ্ম্মে পুনু নৰকক নেই।
ৰাগ দ্বেষৰ অধীন নহৈব বুলিছা, তাক অশক্য দেখি অৰ্জ্জুনে পোছন্ত। হে শ্ৰীকৃষ্ণ, পুৰুষে পাপক অনৰ্থ জানি কৰিবে ইছা নকৰে, তথাপি কোনে প্ৰেৰিত নিমিত্তে কৰে, তাক মোত কহা। ভগৱন্তে বোলন্ত জানা অৰ্জ্জুন তুমি যেহেতু পুছিলা তাক এই কামকে জানিবা। যদি বোলা ক্ৰোধকো পূৰ্ব্বতে কহিছা, তাত শুনা। কামে প্ৰতিহত হৈলে ক্ৰোধৰূপে পৰিণাম হৱে, কামক জিনিলে ক্ৰোধক জিনা যাই, এতেকে দুইকো এক কৰি কহিলোঁ। কাম ৰজো গুণত উদ্ভৱ হুয়াছে। সত্ব বৃদ্ধি, ৰজোগুণ ক্ষয় হৈলে সে কামক জিনা যাই। আক সামদানে সাৰা নাযাই, যাতো উগ্ৰ, দুষ্পুৰ, এতেকে আক শত্ৰু কৰিয়া জানিব। যেন অগ্নিক ধূমে, দৰ্পণক মলে, গৰ্ভক চৰ্ম্মে আবৰি থাকে, তেমনে কামে জ্ঞান আবৰিছে। অজ্ঞানী