পৃষ্ঠা:কথা-গীতা.djvu/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
কথা-গীতা।

দেৱক তুষ্ট কৰায়। দেৱসবো বৃষ্টিৰ দ্বাৰে শস্য সম্পন্ন কৰি তোৰাক বৃদ্ধি কৰাউক। এমনে অন্যোন্যে বৃদ্ধি কৰিতে সবে শ্ৰেয়স লভিবা। যজ্ঞ নকৰিলে দোষ শুনা। দেবসবে বৃষ্টি কৰি প্ৰজাৰ অন্নাদি দিয়াছে। এতেকে দেৱক নেদি যি ভোজন কৰে তাক চৌৰ বুলি। যজ্ঞ কৰি যি ভোজন কৰে সি পঞ্চসূনা পাপত মুক্ত হয়। পঞ্চসূনাক শুনা, ঢেঙ্কী পটা আখা পানীৰ কলস বাঢ়নী এই পঞ্চ, প্ৰাণীৰ বধস্থান। যি সবে পঞ্চযজ্ঞ নকৰি ভোজন কৰে সি দুৰাচাৰী পাপক মাত্ৰ ভোজন কৰে। জগতচক্ৰৰ প্ৰবৃত্তি হেতু কৰ্ম্ম; এতেকে কৰ্ম্ম কৰিবে লাগে, তাক শুনা। অন্ন যদি শুক্ৰশোণিতৰূপে পৰিণাম গৈল তেবে প্ৰাণীসব উপজে। মেঘৰ বৃষ্টিয়ে অন্ন হয়, যজ্ঞৰ ধূমে মেঘ হয়, যজ্ঞো কৰ্ম্মত উদ্ভৱ হয়, কৰ্ম্মো বেদত প্ৰকাশয়, বেদো পৰম্ব্ৰহ্মত জন্মে। এতেকে ব্ৰহ্মক সৰ্ব্বগত জানিবা। তথাপি যজ্ঞ উপায়েসে ব্ৰহ্মক পাই। এতেকে যজ্ঞ ব্ৰহ্মৰ প্ৰিয়তম, লোকৰ সততে কৰিবে লাগে। যি যজ্ঞ নকৰে তাৰ বৃথা জীৱন জানিবা।

 এমনে্‌ অজ্ঞানী পুৰুষৰ কৰ্ম্ম কৰিবে লাগে। যি পুনু আত্মাত ৰতি আত্মাত তৃপিতি আত্মাত তুষ্ট হৈল, বিষয় অপেক্ষা নকৰে, তাৰ কৰ্ম্ম কৰিবে নলাগে, তাৰ হেতু শুনা। জ্ঞানী জনৰ কৰ্ম্ম কৰিলেয়ো পুণ্য নাই, নকৰিলেয়ো দোষ নাই, নিৰহঙ্কাৰ পদে বিধি নিষেধৰ হাত এড়াইছে। যদি বোলা দেৱতা বিঘ্ন কৰিব, তাত শুনা। জ্ঞানী