পৃষ্ঠা:কথা-গীতা.djvu/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তৃতীয় অধ্যায়।

 এমনে দ্বিতীয় অধ্যায়ত প্ৰথমে মোক্ষ সাধন দেহাত্মবিবেক কহিলা, পাচে কৰ্ম্ম কহিলা; কিন্তু গৌণ মুখ্য স্পষ্ট কৰি নকহিলা। জ্ঞানীৰ, নিষ্কাম নিৰহঙ্কাৰ জিতেন্দ্ৰিয় আদি গুণ শুনি, কৰ্ম্মত কৰি জ্ঞানক শ্ৰেষ্ঠ মানি! অৰ্জ্জুনে পোছন্ত, হে জনাৰ্দ্দন, কৰ্ম্মযোগত কৰি যদি জ্ঞানযোগ শ্ৰেষ্ঠ হয় তেবে কেনে মোক হিংসা কৰ্ম্মত প্ৰবৰ্ত্তাৱা। কোনো বেলা কৰ্ম্মক প্ৰশংসা, কতো জ্ঞানক প্ৰশংসা শুনি, মোৰ বুদ্ধি নিশ্চল নহে। এতেকে দুইৰ মধ্যত একটা নিশ্চয় কৰি কহা, যাক আচৰি মঞি মোক্ষ লভিম।

 আৰ উত্তৰ ভগৱন্তে কহন্ত। জানা অৰ্জ্জুন যদি মঞি অন্যোন্যক অপেক্ষা নকৰি মোক্ষ সাধন কৰি কৰ্ম্মযোগ জ্ঞানযোগ কহিছোঁ, তেবে তুমাৰ প্ৰশ্ন দুইৰ মধ্যত এক কহা বুলি ঘটে; মঞি পুনু তেমন নকহোঁ। কিন্তু দুয়ো মতে একে ব্ৰহ্মনিষ্ঠা কহিছোঁ। ই লোকত শুদ্ধচিত্ত অশুদ্ধচিত্ত ভেদে দুই বিধ অধিকাৰী। তাৰ অৰ্থে দুই বিধ ব্ৰহ্মনিষ্ঠা পূৰ্ব্ব অধ্যায়তে মঞি সৰ্ব্বজ্ঞে স্পষ্টমতে কহিছোঁ, তাক শুনা। শুদ্ধচিত্ত হুয়া জ্ঞানভূমিক যি পায়াছে, তাৰ জ্ঞানযোগে ব্ৰহ্মনিষ্ঠা কহিছো, এতেকে চিত্তশুদ্ধি দ্বাৰা জ্ঞান নহে পৰ্য্যন্ত কৰ্ম্মযোগ আচৰিব। যাতো কৰ্ম্ম নকৰিলে জ্ঞানো নহে। যদি বোলা সন্যাসত হন্তে জ্ঞান হৈব, কৰ্ম্মত কি কাৰ্য?