পৃষ্ঠা:কথা-গীতা.djvu/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
কথা-গীতা।

হয়, আৰ হেতু শুনা। ইন্দ্ৰিয় বশ্য নহৈলে, স্বেচ্ছায় বিষয়ত প্ৰৱৰ্ত্তে, তাৰ মধ্যত একে ইন্দ্ৰিয় মনে পুৰুষৰ বুদ্ধি হৰে, সকল ইন্দ্ৰিয় হৰিব তাক কি বুলিম। যেন প্ৰমত্ত কৰ্ণধাৰ হৈলে বায়ুএ নৌকাক সৰ্ব্বতো ভ্ৰমাই, তেমনে অজ্ঞানীৰ মনো বিষয়ত ফুৰে। এতেকে যাৰ ইন্দ্ৰিয়সব বিষয়ত হন্তে সততে নিবৰ্ত্তন হৈল, তাকে স্থিতপ্ৰজ্ঞ বুঝিবা। যদি বোলা সুপ্ত হেন সকল ইন্দ্ৰিয়ৰ ব্যাপাৰ শূন্য কোনো জন নেদেখি, এতেকে ই লক্ষণক আমি সম্ভাবিবে নপাৰি, তাত শুনা। যি ব্ৰহ্মনিষ্ঠাত সকল লোকৰ ব্যাপাৰ নাই, তাতে যিতো জিতেন্দ্ৰিয় হুয়া জাগি থাকে, যি বিষয়নিষ্ঠাত লোকসব প্ৰৱৰ্ত্তে তাত বিবেকীসবো ব্যাপাৰ নকৰে। যেন দিনান্ধ উলূকসব ৰাত্ৰিতেসে দেখে, দিনত চক্ষু মেলি থাকিতেও নে- দেখে, তেমনে বিবেকীসবো আহাৰাদি কৰিতেও ব্ৰহ্মতেসে দৃষ্টি, বিষয়ত নথাকে। যদি বোলা বিষয়ত দৃষ্টি নহৈলে কেমনে ভোগ কৰে তাত শুনা। যেন নানা নদী পূৰিত সমুদ্ৰক আন জলসব প্ৰবিষ্ট হয়, তথাপি সাগৰে মৰ্য্যাদা নেৰে, তেমনে বিবেকীক প্ৰাৰব্ধ কৰ্ম্মে বিষয় ভোগ কৰাই কিন্তু স্বৰূপত চালিবে নপাৰে। সেই জনে মোক্ষ লভে, কাম ভোগ- পৰে নাপাই। এতেকে যি প্ৰাপ্ত কামভোগসব এড়ি, অপ্ৰাপ্ততে পৃহা নকৰি, অহঙ্কাৰ মমকাৰ তেজি আত্মত মন দিয়া প্ৰাৰব্ধ ভোগে, যি মিলাৱে তাকে ভোগ কৰে, সেইজনে মোক্ষ লভে।