পৃষ্ঠা:কথা-গীতা.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কথা-গীতা।
 

শৰণ লৈয়া, জ্ঞান সাধন নিষ্কাম কৰ্ম্মযোগ আচৰা। সকামী জনক অতি কৃপণ জানিবা। নিষ্কাম কৰ্ম্মযোগী অতি শ্ৰেষ্ঠ, যাতো সি ঈশ্বৰৰ প্ৰসাদে এই জন্মতে পাপ পুণ্য দুইকো এড়ে। এতেকে তুমি ঈশ্বৰৰ অৰ্থে কৰ্ম্মসব কৰা; সেই কৰ্ম্মে বন্ধ দূৰ কৰি মোক্ষ সাধিব; যেমনে কৰ্ম্মে মোক্ষ সাধে, সেই প্ৰকাৰ শুনা। বিবেকীসবে, কৰ্ম্মজন্য ফলসৰ ঈশ্বৰত অৰ্পি কৰ্ম্ম বন্ধ এড়াই, নিৰুপদ্ৰৱ বিষ্ণুপদ মোক্ষ পাৱে। যদি বোলা, মঞি কেতিয়া সেই ফল পাইবু, তাত শুনা। এমনে পৰমেশ্বৰক আৰাধন কৰিতে, যেখন তান প্ৰসাদে, দেহত অভিমান এড়ি তোমাৰ বুদ্ধি সবাতে বিৰক্ত হুয়া, ঈশ্বৰত নিশ্চল হুয়া ৰহে, তেখনে মোক্ষক লভিবা।  সেই জ্ঞানীৰ লক্ষণ জানিতে, অৰ্জ্জুনে পুছন্ত। হে কেশৱ, স্থিতপ্ৰজ্ঞৰ কি লক্ষণ, কেমন বচন, আচৰণ, ব্ৰজন, তাক মোত কহা। ভগৱন্তে বোলন্ত, জানা অৰ্জ্জুন, সাধক পুৰুষৰ যি জ্ঞান সাধন, সিদ্ধিৰ তাকে লক্ষণ বুঝিবা। এতেকে সিদ্ধিৰ লক্ষণ সব শুনা। যেখন পুৰুষে অযত্নে আত্মসুখত তুষ্ট হুয়া ক্ষুদ্ৰ বিষয় অভিলাষ এড়ে, তেখনে তাক: স্থিতপ্ৰজ্ঞ বুলি। আৰো তাৰ কিছো লক্ষণ শুনা, দুষ্‌খতো মনে ক্ষোভ নহে, সুখতো স্পৃহা নকৰে, কাহাতো প্ৰীতি ভয় নকৰে, এমনে ‘স্থিতপ্ৰজ্ঞৰ লক্ষণ কাহাক বোলে’ প্ৰশ্নৰ উত্তৰ কহন্ত। কোনো ঠাই স্নেহ নাচৰে, যেন কূৰ্ম্মে অনায়াসে কৰচৰণমুখক সঙ্কোচ কৰে, তেমনে জ্ঞানীয়ো আন বিষয়ৰ পৰা ইন্দ্ৰিয়ক ৰাখে। যদি বোলা ইন্দ্ৰিয়সবৰ