পৃষ্ঠা:কথা-গীতা.djvu/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
দ্বিতীয় অধ্যায়।

তাৰ সাধন কৰি, কৰ্ম্মসব বিধান কৰে, তাত শুনা। সকামী লোকক প্ৰতিসে বেদে কৰ্ম্মফল কহে, তুমি নিষ্কামী হুৱা। নিষ্কামী হৈবাৰ উপায় শুনা। সুখ দুষ্‌খক সহা, মহাধৈৰ্য্যক আশ্ৰয় কৰা, অপ্ৰাপ্ত বস্তুক স্বীকাৰ এড়া, প্ৰাপ্ত বস্তুকো ৰক্ষা তেজা, তেবে নিষ্কামী অৱশ্যে হৈবা। যদি বোলা, বেদোক্ত নানা ফল এড়ি নিষ্কাম হুয়া পৰমেশ্বৰৰ আৰাধনত যি ব্যৱসায় বুদ্ধি কহিলা, আক কুবুদ্ধিসে বুলি, তাত শুনা। যেন বাপী কূপ তড়াগত যিমান স্নানপানাদি কাৰ্য্য হয়, সিমান কাৰ্য্য মহাহ্ৰদত একে ঠাই হয়; তেমনে সকল বেদোক্ত কৰ্ম্মত যিমান ফল হয়, সিমান ফল নিশ্চয়াত্মিকাবুদ্ধিযুক্ত ব্ৰহ্মনিষ্ঠৰ হয়। ব্ৰহ্মানন্দত ক্ষুদ্ৰানন্দসব অন্তৰ্ভাব হুয়া আছে। ব্ৰহ্মানন্দ ৰসৰ লৱলেশ কণাক প্ৰাণীসবে আস্বাদন কৰে। এতেকে আক সুবুদ্ধি কৰি জানিবা। তেবে সকল কৰ্ম্মৰ ফল পৰমেশ্বৰ আৰাধনতে মোৰ হৈব বুলি প্ৰৱৰ্ত্তিব। তাক নিবাৰি বোলন্ত তত্ত্বজ্ঞানাৰ্থী তোমাৰ কৰ্ম্মতেসে অধিকাৰ। বন্ধহেতু ফলত কামনা নহৌক। যদি বোলা, কৰ্ম্ম কৰিলে ফল আপুনি হৈব, তাত শুনা। কামনা কৰিলেসে ফল হয়; অকামীত ফল তোমাৰ নহৈব। বন্ধভয়ে কৰ্ম্ম অকৰণতো নিষ্ঠা নকৰিবা; কিন্তু পৰমেশ্বৰত একনিষ্ঠা হুয়া আসক্তি এড়ি কৰ্ম্মসব কৰা। তাৰ ফল, জ্ঞানৰ সিদ্ধি অসিদ্ধিতো সম হুয়া, কেবল ঈশ্বৰত অৰ্পণ কৰি কৰা; যাতে সম ভাৱক যোগ বুলি কহে। ঈশ্বৰাৰ্পিত কৰ্ম্মত কৰি, কাম্য কৰ্ম্ম অত্যন্ত অপকৃষ্ট, এতেকে তুমি ঈশ্বৰত