নঘটে। ঈশ্বৰৰ উদ্দেশে বিঘ্নবৈগুণ্য নসম্ভবে। ই ধৰ্ম্মৰ অল্প আৰম্ভো সংসাৰত ৰক্ষা কৰে। কাম্য কৰ্ম্ম হেন কিঞ্চিত বৈগুণ্য মাত্ৰো বিফল নহে, আৰ যুক্তি শুনা। দুয়ো কৰ্ম্মৰ বৈষম্য দেখা। ঈশ্বৰ আৰাধন কৰ্ম্মযোগত পৰমেশ্বৰৰ সেৱায়ে মঞি নিশ্চয়ে তৰিম, এই নিশ্চয়াত্মিকা বৃদ্ধি একমাত্ৰ। অব্যৱসায়ী বহিৰ্মুখসবৰ আন কামনাই অনেক বুদ্ধি হয়, তাতে গুণকৰ্ম্মবশে বাহুল্য হয়; ঈশ্বৰ আৰাধন, নিত্য নৈমিত্তিক কৰ্ম্ম, কিঞ্চিদ্বৈগুণ্যেও নষ্ট নহে। যিমান শক্তি সেইমানকেসে বিধান কৰে। ঈশ্বৰ উদ্দেশে বিঘ্নবৈগুণ্যো দূৰ হয়; কাম্য কৰ্ম্ম, পুনু তেমন নহে। এতেকে দুয়ো কৰ্ম্মৰ মহা বৈষম্য বুঝিবা। যদি বোলা সকামী সবো দুষ্খমূল কামনাসব এড়ি একনিষ্ঠ হুয়া কেনে ঈশ্বৰক নভজে, তাত শুনা। যাৰা সবে পুষ্পিত বিষলতা, সম আপাত ৰমণীয় বেদৰ স্বৰ্গাদি ফল শ্ৰুতিবচনক পৰম ফল কৰি বোলে; যাতো বেদৰ স্তুতিপৰ বচনত প্ৰীত হুয়া জ্ঞান শূন্য হুয়াছে। এতেকে স্বৰ্গত পৰ ঈশ্বৰকো প্ৰাপ্য কৰি নোবোলে। কামে আকুলচিত্ত হুয়া স্বৰ্গকে মহাপুৰুষাৰ্থ বুলি মানে। স্বৰ্গভোগ অন্তৰে জন্ম ধৰি কৰ্ম্ম কৰি পুনু স্বৰ্গ পাইবো বুলি মানে; ভোগ ঐশ্বৰ্য্যক পাইবাক লাগি নানা কৰ্ম্মসবো কৰে; সদাই ভোগ ঐশ্বৰ্য্যক আসক্তি কৰি থাকে; বেদৰ পুষ্পিত বাক্যে চিত্তকো হৰিছে। এতেকে তাৰাসব একনিষ্ঠ হুয়া পৰমেশ্বৰক ভজিবে নপাৰে। যদি বোলা স্বৰ্গাদি যেবে পৰম ফল নহে, তেবে কেনে বেদে
পৃষ্ঠা:কথা-গীতা.djvu/৭০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
কথা-গীতা।